অসম

assam

By

Published : Mar 3, 2021, 11:52 AM IST

Updated : Mar 3, 2021, 1:31 PM IST

ETV Bharat / state

বিজেপিয়ে অগপক এৰি দিব চেঙা সমষ্টি !

বিগত ২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি এইবেলি অগপক এৰি দিব বিজেপিয়ে । সম্প্ৰতি ৰবিউল হুছেইন আৰু ৰফিকুল ইছলাম চেঙা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ বুলি একাংশই মত প্ৰকাশ কৰিছে ৷

বিজেপিয়ে চেঙা সমষ্টি এৰি দিব অগপক
বিজেপিয়ে চেঙা সমষ্টি এৰি দিব অগপক

বৰপেটা,3 মাৰ্চ:ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন৷ ইতিমধ্যে নিৰ্বাচন আয়োগে তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণ কৌশল প্ৰস্তুত কৰিছেতাৰ মাজতেঅগপ দলৰ কেন্দ্ৰীয় নেতৃত্ব‌ই ইতিমধ্যে প্ৰকাশ কৰিছে মিত্ৰতা সম্পৰ্কে আসনৰ বুজা-বুজিৰ কথা । বিগত ২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি এইবেলি অগপক এৰি দিব বিজেপিয়ে । এই কথা প্ৰকাশ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমিয় কুমাৰ তালুকদাৰে ।

বিজেপিয়ে অগপক এৰি দিব চেঙা সমষ্টি !

উল্লেখযোগ্য যে, ২০২১ ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দৌৰ অব্যাহত থকাৰ সময়তে চেঙাত আন এক ৰূপ দেখা দিছে । চেঙা বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ত অগপৰ জয়ধ্বনিৰ শ্ল’গানৰ লগতে বিতৰণ কৰিছে মিঠাই । ভিৰ কৰিছে অগপৰ কাৰ্যালয়ত নেতা-কৰ্মীয়ে । সম্প্ৰতি ৰবিউল হুছেইন আৰু ৰফিকুল ইছলাম চেঙা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ বুলি একাংশই মত প্ৰকাশ কৰিছে ৷

বিজেপিয়ে চেঙা সমষ্টি এৰি দিব অগপক

লগতে পঢ়কঃ ভূৱন পেগুক টিকট দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে !

Last Updated : Mar 3, 2021, 1:31 PM IST

ABOUT THE AUTHOR

...view details