অসম

assam

বৰপেটাৰোড হাউলী মহাবিদ্যালয় শিক্ষাৰ্থীৰ বিক্ষোভ প্ৰদৰ্শন

By

Published : Sep 17, 2019, 5:56 PM IST

ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধানৰ দাবীত বৰপেটাৰ বি এইছ মহাবিদ্যালয় আছু গোটৰ বিক্ষোভ প্ৰদৰ্শন ৷ মহাবিদ্যালয়ৰ সন্মুখত থকা 31নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনে সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ছাত্ৰী-ছাত্ৰীৰ ভাড়া কমোৱাৰ বাবে এইদৰে বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

বিএইছ কলেজৰ সন্মুখত প্ৰতিবাদ

বৰপেটা, ১৭ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ অন্যতম তথা নাকৰ "এ" গ্ৰেডপ্ৰাপ্ত উচ্চ শিক্ষা প্ৰতিষ্ঠান বৰপেটাৰোড হাউলী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ মহাবিদ্যালয়খনৰ আছু গোটৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ ছাত্ৰীসকলে ৷

বিএইছ কলেজৰ সন্মুখত প্ৰতিবাদ

মহাবিদ্যালয়খনৰ সন্মুখত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাত্ৰ ছাত্ৰী জিৰণি কোঠাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ মহাবিদ্যালয়খনৰ সন্মুখভাগত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ বাবে জিলা প্ৰশাসনক বাৰম্বাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল শিক্ষাৰ্থীসকলে ৷ কিন্তু বৰপেটা জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে ৷

আনহাতে দূৰণিবটীয়া শিক্ষাৰ্থীসকলৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ভাড়া ৰেহাইৰো দাবী উত্থাপন কৰে শিক্ষাৰ্থীসকলেআনহাতে ভাড়া সন্দৰ্ভত যাত্ৰীবাহী বাহনৰ চালক তথা হেণ্ডিমেনে প্ৰায়ে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰপেটা জিলা আছু গোটৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে জিলা উপায়ুক্ত আৰু পৰিবহণ বিষয়াক স্মাৰকপত্ৰও প্ৰদান কৰিছিল যদিও কোনো সুফল লাভ কৰা নাই ৷

ABOUT THE AUTHOR

...view details