অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰত নন্দোৎসৱঃ যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিচৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ। ইপিনে যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পবিত্ৰ ভাদমাহত গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগ বঢ়োৱাৰ উদ্দেশ্যে অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত হয়হি ৷

বৰপেটা সত্ৰত নন্দোৎসৱ পালন

By

Published : Aug 24, 2019, 2:45 PM IST

বৰপেটা,টীয়ক,24 আগষ্টঃ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিচৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ। বৰপেটা সত্ৰত পালিত উৎসৱ পাৰ্বন সমূহৰ ভিতৰত নন্দোৎসৱ অন্যতম ৷ নন্দোৎসৱ উপলক্ষে পুৱা নাম প্ৰসংগত চৰণ,যুগল,পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয়। ইয়াৰ পিচতে ভাগৱত আৰু পাঠ পঢ়া হয়। প্ৰসংগৰ অন্ত হোৱাৰ পিছত গায়ন বায়নে গুৰু আসনৰ সন্মুখত গুৰু ঘাট বজাই পুৱাৰ গীত গাই গোপাল আতা বিৰচিত জন্ম যাত্ৰা নাটখন প্ৰদৰ্শন কৰে ।

বৰপেটা সত্ৰত নন্দোৎসৱ পালন
বৰপেটা সত্ৰত নন্দোৎসৱ পালন

নাটত সত্ৰৰ দৈৱজ্ঞই গৰ্গ পুৰহিতৰ ভাওলৈ শ্ৰীকৃষ্ণ বলোৰাম সহিতে গায়ন বায়নক গুৰু আসনৰ পিছফালৰ নামখলালৈ আদৰি নিয়ে আৰু শ্ৰীকৃষ্ণৰ গণনা সম্পন্ন কৰে। ইয়াৰ পিছত সত্ৰৰ পাঠকে নাম প্ৰসঙ্গ আৰম্ভ কৰে ৷ এই ধৰ্মীয় কাৰ্যৰ সমান্তৰাল ভাৱে সত্ৰৰ টুপৰ চোতালত আন এক লৌকিক অনুষ্ঠান সম্পন্ন হয়। টুপৰ চোতালত বোকা পানী মিঠাতেলেৰে লুটুৰি পুটুৰি হৈ শিশু কিশোৰ,যুৱকসকলে অনুস্থিত কৰে পেকযাত্ৰা । নন্দোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। বিশেষকৈ কিশোৰী-যুৱতী সকলে জাতীয় সাজ পৰিধান কৰি সত্ৰত উপস্থিত হৈ পেকযাত্ৰা আনন্দৰে উপভোগ কৰে।

ইপিনে যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পবিত্ৰ ভাদমাহ উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগ বঢ়োৱাৰ উদ্দেশ্যে অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত হয় ৷ বিধায়ক গৰাকীয়ে বৰনামঘৰ পৰিচালনা সমিতিয়ে প্ৰস্তাৱ দিয়া এটা অতিথি গৃহৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ লগতে চিকিৎসাৰ ক্ষেত্ৰতো প্ৰয়োজন হোৱা চিকিৎসালয়খন পৰ্যাপ্ত সা সুবিধা কৰাৰ আশ্বাস দিয়ে ৷

ABOUT THE AUTHOR

...view details