অসম

assam

ETV Bharat / state

ভুৱা শিক্ষাগত অৰ্হতা :বৰপেটাত পঞ্চায়ত সভাপতিৰ ভয়ংকৰ জালিয়াতি - BJP

ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিলেৰে নিৰ্বাচন আয়োগক আঁভুৱা ভাৰি হ’ল নিৰ্বাচিত ৷ তথ্য জনা আইনৰ দ্বাৰা ওলাল উৰহী গছৰ ওৰ ৷ গ্ৰেপ্তাৰৰ ভয়ত অভিযুক্ত পঞ্চায়ত সভাপতিয়ে পিন্ধিলে গেৰুৱাবসন ৷

ভুৱা শিক্ষাগত অৰ্হতা :বৰপেটাত পঞ্চায়ত সভাপতিৰ ভয়ংকৰ জালিয়াতি

By

Published : Aug 8, 2019, 3:12 PM IST

বৰপেটা, 8 আগষ্ট: বৰপেটা জিলাৰ সৰহভোগৰ নিচুকা গাঁও পঞ্চায়তত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি ৷ তথ্য জনা অধিকাৰ আইনে ফাদিল কৰিলে নিচুকা গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি আনোৱাৰ মণ্ডল ওৰফে বাবুলে ভুৱা শিক্ষাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি কংগ্ৰেছ দলৰ টিকটত বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হোৱাৰ তথ্য ৷ অভিযোগ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সৰভোগ সমষ্টিৰ নিচুকা গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডলে ২০১২ চনত বৰপেটাৰ দংৰা হাইস্কুলৰ এগৰাকী ছাত্ৰী ৰাশিদা চুলতানাৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি কম্পিউটাৰ স্কেণৰ দ্বাৰা মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰ তৈয়াৰ কৰি নিৰ্বাচন আয়োগক দাখিল কৰিছিল ৷
পৰৱৰ্তী সময়ত সভাপতি আনোৱাৰ মণ্ডলৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে সন্দেহ ওপজাত একে গাঁৱৰে ইব্ৰাহিম আলীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে নথি পত্ৰ লাভ কৰি ছেবাৰ কাৰ্যালয়লৈ গৈ অনোৱাৰে ব্যৱহাৰ কৰা ৰোল নম্বৰটো বৰপেটাৰ দংৰা হাইস্কুলৰ ছাত্ৰী ৰাশিদা চুলতানাৰ বুলি নিশ্চিত হয় ৷ ইয়াৰ পাছত ইব্ৰাহিমে আনোৱাৰ মণ্ডলে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচিত হোৱা বুলি অভিযোগ তুলি বৰপেটা থানাত গোচৰ ৰুজু কৰে ৷ বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ২৭৩৫/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ৪১৭/৪৬৮/৪৭১ ধাৰাত জামিন বিহীন গোচৰত আনোৱাৰক অভিযুক্ত কৰে ৷ ইয়াৰ পাছতেই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰণজিৎ দাসৰ শৰণাপন্ন হৈ অভিযুক্ত আনোৱাৰ মণ্ডলে বিজেপিত যোগদান কৰে আৰু অভিযুক্ত আনোৱাৰক দলটোলৈ স্বাগতম জনায় দলটোৰ ৰাজ্যিক সভাপতিজনে ৷

ভুৱা শিক্ষাগত অৰ্হতা :বৰপেটাত পঞ্চায়ত সভাপতিৰ ভয়ংকৰ জালিয়াতি
আৰ টি আই দাখিলকাৰী ইব্ৰাহিম আলীয়ে জনোৱা অনুসৰি তেওঁ ইতিমধ্যে আনোৱাৰৰ এই ভয়ংকৰ জালিয়াতিৰ কথা বৰপেটাৰ উপায়ুক্ত, নিৰ্বাচনী বিষয়াকে আদি কৰি বৰপেটাৰ আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰে কৰিছে কিন্তু কেৱল শাসকীয় দল বিজেপি দলত যোগদান কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাই আৰক্ষীয়ে ৷ এতিয়া প্ৰশ্ন উঠিছে বিজেপি কলা অপৰাধীক বগা কৰা মেশ্বিন নেকি ? অভিযোগকাৰী ইব্ৰাহিম আলীৰ চৰকাৰলৈ প্ৰশ্ন দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য শহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰণজিৎ দাসৰ বিজেপিত যোগদান কৰিলেই অপৰাধীয়ে অপৰাধ মুক্ত হৈ যায় নেকি ? এতিয়া অভিযুক্ত আনোৱাৰক গ্ৰেপ্তাৰৰ কৰিবলৈ চৰকাৰী পুলিছ বাহিনীয়ে সাহস গোটাব পাৰিব নে নাই সেয়া পৰৱৰ্তী দিনত লক্ষণীয় হ’ব ৷

ABOUT THE AUTHOR

...view details