বৰপেটা ৫ জানুৱাৰী:স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন হৈ পৰিছে হাউলীৰ পৰাভড়ালৰ দুই যুৱক ৷ নাম মুন্না নাথ আৰু সদানন্দ নাথ ৷ একগ্ৰতা আৰু নিষ্ঠাৰে কৰিলে যিকোনো কামতেই যে সফলতা পোৱা যায়, তাৰেই এক উৎকৃষ্ট নিদৰ্শন মুন্না আৰু সদানন্দ (Assam youth become self reliant with mushroom farming in Barpeta) ৷
প্ৰায় ৩ বছৰ পূৰ্বে নিজৰ ঘৰতে কাঠফুলা বা মাছৰুমৰ খেতি আৰম্ভ কৰিছিল ৷ প্ৰথমাৱস্থাত ঘৰৰ এটা চুকত আৰম্ভ কৰা এই কাঠফুলাৰ খেতি এতিয়া চৰ্চা সৰ্বত্ৰে ৷ কিয়নো প্ৰথম অৱস্থাত মুন্না নাথ আৰু সদানন্দ নাথে অকলেই আৰম্ভ কৰিছিল এই খেতিৰ কাম (Mushroom farming in Assam) ৷
বহু কষ্টৰ বলত নিজকে স্বাৱলম্বী কৰাৰ লগতে বৰ্তমান সময়ত মুন্না নাথ আৰু সদানন্দ নাথে আন 5 জন লোককো সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ৷
কেৱল হাউলী বা অসমেই নহয়, নিজৰ ঘৰতে কাঠফুলাৰ খেতি কৰি তেওঁলোকে অসমৰ লগতে বহিঃৰাজ্যৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে দুই যুৱকে ৷ বৰপেটাৰোড, হাউলী, কোকৰাঝাৰ আৰু অৰুণাচলৰ ইটানগৰলৈকে তেওঁলোকৰ উৎপাদিত কাঠফুলা ৰপ্তানি কৰা হয় ৷ বৰ্তমান বজাৰত কাঠফুলাৰ যথেষ্ঠ চাহিদা আছে যদিও সেই অনুসৰি তেওঁলোকে উৎপাদন কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে ৷
বৰ্তমান তেওঁলোকে প্ৰায় ৪ হাজাৰ চিলিণ্ডাৰত কাঠফুলা ৰোপণ কৰিছে যদিও পৰবৰ্তী সময়ত আৰু অধিক কাঠফুলা ৰোপন কৰিব বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান তেওঁলোকে প্ৰতিদিনে অতি কমেও ২০ কিঃ লোঃ কাঠফুলা উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতি কিঃলোঃত পাইকাৰী ১২০ টকা দৰত আৰু খুচুৰা প্ৰায় 200 টকাকৈ বিক্ৰী কৰি মাহেকত প্ৰায় ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুই কৃষকে ৷