জনীয়া, ১৫ মেঃ আৰ্থিক প্ৰত্যাহ্বানকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয় বৰপেটাৰ ইয়াখেৰ আলী নামৰ ছাত্ৰ গৰাকী ৷ দৈনিক ঘৰুৱা কাম আৰু গৰু, ছাগলী পালনকে ধৰি বিভিন্ন কাম কৰাৰ সমানে অধ্যয়ন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ ইয়াখেৰ হুছেইনে।
আৰ্থিক দৈন্যতা অন্তৰায় হ'ব নেকি ইয়াখেৰৰ উচ্চ শিক্ষা লাভৰ পথত ? - ETV BHARAT
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ টাপাজুলি গাঁৱৰ দিন হাজিৰা কৰা ইছমাইল হুছেইন আৰু আবিদা খাতুনৰ একমাত্ৰ পুত্ৰ ইয়াখেৰ হুছেইনে অঞ্চটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সমগ্ৰ টাপাজুলিতে আনন্দৰ বন্যা বৈ যোৱা পৰিলক্ষিত হৈছে। বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সুদক্ষ আই টি আই কম্পিউটাৰ ইঞ্জিনীয়াৰ হোৱাৰ আশা ইয়াখেৰ আলীৰ ৷ স্থানীয় বিধায়কক মুখ্য কৰি বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধিক ইয়াখেৰৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ পিতৃ-মাতৃৰ ৷
বৰপেটা জিলাৰ মোহম্মদপুৰ গাঁৱৰ জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ ছাত্ৰগৰাকীয়ে মুঠ ছয়টা বিষয়ত লেটাৰসহ 551 নম্বৰেৰে 91.83% নম্বৰসহ উত্তীৰ্ণ হয় শিক্ষান্ত পৰীক্ষাত। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ টাপাজুলি গাঁৱৰ দিন হাজিৰা কৰা ইছমাইল হুছেইন আৰু আবিদা খাতুনৰ একমাত্ৰ পুত্ৰ ইয়াখেৰ হুছেইনে অঞ্চটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সমগ্ৰ টাপাজুলিতে আনন্দৰ বন্যা বৈ যোৱা পৰিলক্ষিত হৈছে। সন্তানৰ এই সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ ৷ ইয়াখেৰে বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সুদক্ষ ইঞ্জিনীয়াৰ হোৱাৰ আশা মনত ৰাখিছে বুলি প্ৰকাশ কৰে । এই ক্ষেত্ৰত ইয়াখেৰৰ পিতৃ-মাতৃয়ে স্থানীয় বিধায়কক মুখ্য কৰি বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধিক ইয়াখেৰৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। অসম চৰকাৰকো ইয়াখেৰক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে পিতৃ-মাতৃয়ে।