বৰপেটাৰোড, 12 এপ্ৰিল: ৰাজ্যত মূল্যবৃদ্ধি হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে এজন লোকে ৷ পেট্ৰ’ল ১০০০ টকা, মিঠাতেল ৫০০ টকা হ’লেও আমাৰ কোনো কথা নাই বুলি ক’লে লোকজনে ৷ পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক দাম বৃদ্ধিৰ পাছতো গাড়ীৰ ভাড়া বৃদ্ধি কৰিলে পৰিবহন মন্ত্ৰীয়ে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ হুংকাৰ দিয়াৰ প্ৰসংগতো মন্তব্য দিয়ে বৰপেটাৰোডৰ লোকজনে ৷
২০১৯ চনৰ পৰা গাড়ীৰ গৰাকীয়ে তেওঁলোকৰ গাড়ীৰ বাবদ বেংকৰ কিস্তি পৰিশোধ কৰাত অসুবিধা হৈছে, তাৰোপৰি গাড়ীৰ বীমা কৰাৰ কথা থাকে ৷ গাড়ীৰ মালিকসকলে আত্মহত্যা কৰাৰ বাহিৰে বেলেগ উপায় নাথাকিব বুলি মন্তব্য কৰে লোকজনে ৷ ৰাজ্যত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰাইজ দিশহাৰা হৈ নাজল-নাথল অৱস্থা হৈছে ৷
ইপিনে বিভিন্ন দল-সংগঠনে বিজেপিৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাজপথত ধৰ্ণা-আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে যদিও প্ৰতিটো নিৰ্বাচনতেই পদুম ফুলতেই ভোট দিয়ে বুলিও দামবৃদ্ধিত ক্ষোভিত হৈ পৰা লোকজনে মন্তব্য কৰে ৷