অসম

assam

By

Published : Jun 20, 2022, 2:03 PM IST

ETV Bharat / state

বানত বুৰিছে কলগাছিয়াৰ লাচাংগা গাঁও: পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ (Flood situation of Assam) । বৰপেটা জিলাতো দেখা গৈছে বানৰ অবৰ্ণনীয় পৰিস্থিতি(Flood at Barpeta) । কলগাছিয়াৰ লাচাংগা গাঁও পঞ্চায়তত বানত আবদ্ধ হৈ পৰিছে শ শ পৰিয়াল । ইয়াৰ মাজতে এটা পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্র উত্তেজনা ।

বানত বুৰিছে কলগাছিয়াৰ লাচাংগা গাঁও: পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

কলগাছিয়া,২০ জুন:ৰাজ্যজুৰি বানে লৈছে ভয়ংকৰ ৰূপ(Flood situation of Assam) । বৰপেটা জিলাৰ কলগাছিয়াতো বানে সৃষ্টি কৰিছে বিপদসংকুল পৰিস্থিতি(Flood at Barpeta) । বানত আবদ্ধ হৈ পৰিছে কলগাছিয়াৰ লাচাংগা গাঁও পঞ্চায়তৰ শ শ পৰিয়াল । ইয়াৰ মাজতে গাঁও পঞ্চায়তখনৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ।

এটা পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ । কালভাৰ্ট নথকাৰ বাবে পানীত পৰিয়ালসমূহ আবদ্ধ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে(Complaint of water logging in Kalgachia)। এই ক্ষেত্ৰত পঞ্চায়ত সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ । নিজৰ স্বাৰ্থৰ বাবে পথচোৱাত কালভাৰ্ট নিদিয়াৰ ফলত বানত দুই শতাধিক পৰিয়াল আবদ্ধ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

বানত বুৰিছে কলগাছিয়াৰ লাচাংগা গাঁও: পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জানিব পৰা মতে লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীন আৰু পঞ্চায়তৰ সদস্যই মিলি কিছুদিন পূৰ্বে কলগাছিয়া-লাচাংগা গড়কাপ্তানি পথৰ পৰা লাচাংগা মালেক মাষ্টৰৰ ঘৰলৈ যোৱা গুৰুত্বপূৰ্ণ পথচোৱাত কালভাৰ্ট বন্ধ কৰি ৰাস্তা নিৰ্মাণ কৰিছিল । যাৰ ফলত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে দুই শতাধিক পৰিয়াল । উক্ত পথচোৱাত কালভাৰ্ট নিদি নিজৰ স্বাৰ্থ আদায় কৰাৰ বাবে ব্যপক দুৰ্নীতি সংঘটিত কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ তুলি ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

উল্লেখ্য যে, লাচাংগা গাঁৱৰ পশুধনসহ প্ৰায় দুই শতাধিক পৰিয়াল কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে । সেয়ে ভুক্তভোগী ৰাইজে শীঘ্ৰে পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পথচোৱাত কালভাৰ্ট নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ

ABOUT THE AUTHOR

...view details