আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ দায়িত্ব ল'ব আনন্দৰাম বৰুৱা একাডেমীয়ে - ইটিভি ভাৰত
বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন ঠেলা চালকৰ পুত্ৰ ছাইনুদ্দিন আহমেদে 91.3% নম্বৰ আৰু পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতনৰ ছাত্ৰী আফৰিনা পাৰবীনে 90% নং লাভ কৰিছে ৷
AANANDARAM BARUAH ACADEMY
পাঠশালা ,১৭মে: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল বজালী মহকুমাৰ দুই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে ৷ বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন ঠেলা চালকৰ পুত্ৰ ছাইনুদ্দিন আহমেদে 91.3% নম্বৰ আৰু পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতনৰ ছাত্ৰী আফৰিনা পাৰবীনে 90% নং লাভ কৰিছে ৷ দুই শিক্ষাৰ্থীৰ সমস্ত দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰণজিৎ ডেকা ৷