অসম

assam

ETV Bharat / state

যিকোনো মূহুৰ্তত আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত ইউ পি পি এল

"আমাৰ দলৰ ধনবল, বাহুহল নাই যদিও গণতন্ত্ৰৰ একেবাৰে শক্তিশালী জনবল আমাৰ লগত আছে । সেয়েহে যিকোনো মূহুৰ্তত আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত আছো" : প্ৰমোদ বড়ো

By

Published : Jul 12, 2020, 6:42 AM IST

promod boro
promod boro

তামুলপুৰ, 11 জুলাই :তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত শনিবাৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলৰ অগমুহূৰ্তত নেতাগৰাকীয়ে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন সংগঠনৰ লগতে ব্য়ক্তি বিশেষক সামাজিক ব্যক্তিক সাক্ষাৎ কৰে।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নেতাগৰাকীয়ে কয় যে, "আমি ইউ পি পি এল দলটোৱে নতুনকৈ ৰাজনীতিত অংশগ্ৰহণ কৰিছো যদিও আমি এক শক্তিশালী স্থিতিত উপনীত হৈছো। আমাৰ দলৰ লক্ষ্য আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বি টি চি অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে যোগদান কৰিছে । বৰ্তমান আমাৰ দলৰ সদস্যৰ সংখ্যা প্ৰায় ১৪ লাখ। আমাৰ দলৰ ধনবল, বাহুহল নাই যদিও গণতন্ত্ৰৰ একেবাৰে শক্তিশালী জনবল আমাৰ লগত আছে । সেয়েহে যিকোনো মূহুৰ্তত আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত আছো" ।

যিকোনো মূহুৰ্তত আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত ইউ পি পি এল

ইয়াৰ লগতে নেতাগৰাকীয়ে কয় যে, "আমি অকলে চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আছে যদিও আমি আমাৰ লগত মনে মিলা দল-সংগঠনক লৈ চৰকাৰ গঠনৰ বাবে আগবাঢ়িম । যিহেতু যোৱা ১৭ বছৰে একপক্ষীয়ভাবে চৰকাৰ চলায় বি টি চি অঞ্চলত বিভিন্ন জনগোষ্ঠীক বি পি এফ দলে অসুখী কৰি তুলিছে । ইয়াৰ পৰা আমি অভিজ্ঞতা লৈছোঁ। এতিয়া যিহেতু ৰাজনৈতিক দলত আহিছো গতিকে সকলো জনগোষ্ঠীৰ সেৱা কৰি যাম" ।

এন ডি এফ বিৰ চাৰিওটা গোটে এক লগ হৈ বি টি আৰ চুক্তি কৰি ভাল কাম কৰিছে । এতিয়া যিহেতু সমস্যাবোৰৰ সমাধানৰ বাবে চুক্তি হ'ল ইয়াক আমি কাৰ্যকৰী কৰিব লাগে । এন ডি এফ বিৰ গোট সমূহ বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে, যিহেতু গণতন্ত্ৰৰ দেশ সকলোৱে নিজৰ পছন্দৰ অনুসৰি ৰাজনীতি কৰিব পাৰে । একেলগে থকাৰ কথা নাই বেলেগে বেলেগে থাকিও ভাল কাম কৰিব পাৰি বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷

ABOUT THE AUTHOR

...view details