ফেচবুকৰ জৰিয়তে সদস্য ভৰ্তিঃ আৰক্ষী, একাংশ সংবাদকৰ্মী আৰু ছাত্ৰ সংগঠনক সকিঁয়ালে আলফা স্বাধীনে
ফেচবুকৰ জৰিয়তে আলফা (স্বাঃ) ৰ প্ৰতি আকৃষ্ট কৰি কোনো যুৱক-যুৱতীক সংগঠনত ভৰ্তি কৰোৱা হোৱা নাই । বুধবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে আলফা (স্বাঃ) গোটে । লগতে ইয়াক অসম আৰক্ষীৰ এক কৌশল আৰু ষড়যন্ত্ৰ বুলিও দাবী কৰিলে সংগঠনটোৱে ।
মাজুলীৰ উপ-নিৰ্বাচন 2022 : দুজনীয়া পেনেলত ড৹ শৰ্মা-সোণোৱালৰ ঘনিষ্ঠৰ নাম
এজন বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, আনজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ । পিছে হাঁহি বিৰিঙিব কোনজনৰ মুখত ! মাজুলীৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিৰ ভিতৰে বাহিৰে এতিয়া চলিছে ব্যাপক চৰ্চা । ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপ নিৰ্বাচনত(Majuli By Election 2022) বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া আলোচনা কৰিবলৈ বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব যদিও ইতিমধ্যে সম্ভাব্য প্ৰাৰ্থীৰ এক ৰূপৰেখা প্ৰস্তুত কৰা হৈ গৈছে (Majuli Candidate Panel BJP)।
কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ প্ৰতিক্ৰিয়া
নগাঁৱৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদন মঙলবাৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰে (Kirtikamal Bora encounter case) । কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে পৰিয়ালৰ লোকে । আনহাতে তদন্তৰ প্ৰতিবেদনত সন্তুষ্ট বিভিন্নজন (Inquiry report of Kirtikamal Bora encounter case)।
Assam Meghalaya Border Dispute: হিমন্ত দিল্লীলৈ গ’ল, ক্ষুব্ধ কনৰাড ন’গল
দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত মোহৰ মৰাৰ কথা আছিল (border dispute between assam meghalaya) ৷ কিন্তু ৭ ফেব্ৰুৱাৰীত দিল্লীত অমিত শ্বাহৰ সৈতে মিটিঙত নবহিলগৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৷
International beauty contest: টিংখাঙৰ প্ৰিয়ংকা আৰন্ধৰাই অসমলৈ কঢ়িয়ালে সুনাম
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত পুনৰ উজলিল আন এগৰাকী অসম কন্যা (assam girl won international beauty contest title) ৷ দিল্লীত অনুষ্ঠিত এটা ফেশ্বন শ্ব'ত অংশ লৈ বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হ’ল প্ৰিয়ংকা ৷