অসম

assam

ETV Bharat / state

সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন

বৃহস্পতিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত ভোটদাতা সকলক প্ৰণালীবদ্ধ শিক্ষাদান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰস্তুত কৰা এটা থিম ছং আৰু বিশেষভাৱে সু-সজ্জিত এখন প্ৰচাৰ বাহন মুকলি ৷ এই থিম ছং আৰু সু-সজ্জিত প্ৰচাৰ বাহন বৃহস্পতিবাৰে মুকলি কৰে বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

By

Published : Mar 11, 2021, 9:48 PM IST

বাক্সা ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন
বাক্সা ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন

বাক্সা,১১ মাৰ্চ: বাক্সা জিলাৰ সদৰ মুছলপুৰত বৃহস্পতিবাৰে ভোটদাতা সকলক প্ৰণালীবদ্ধ শিক্ষাদান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে হাতত লোৱা হৈছে বহু কাৰ্যসূচী ৷ এই সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে প্ৰস্তুত কৰা এটা থিম ছং আৰু বিশেষভাৱে সু-সজ্জিত এখন প্ৰচাৰ বাহন ৷ এই থিম ছং আৰু সু-সজ্জিত প্ৰচাৰ বাহন বৃহস্পতিবাৰে মুকলি কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

নতুন ভোটাৰ, বয়োজ্যষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোক সকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লগতে আকৰ্ষিত কৰিবৰ বাবে বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ শিল্পী নৱীন বড়োৱে সজাগতা অভিযানৰ বাবে প্ৰস্তুত কৰা গীতটিত কণ্ঠদান কৰাৰ লগতে বড়ো চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী হেলীনা দৈমাৰীয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত স্ব-ইচ্ছাই বাক্সাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেচাদৰ হিচাপে এই সজাগতা অভিযানত অংশগ্ৰহণ কৰে ৷

বাক্সা ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন

বাক্সাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা, বাক্সা ৰাজহ চক্ৰৰ বিষয়াদ্বয় নিলোৎপল পাঠক আৰু মনোজ দলে, জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠককে ধৰি ভালে সংখ্যক বিষয়া-কৰ্মচাৰী তথা ৰাইজৰ উপস্থিতিত সুসজ্জিত প্ৰচাৰ বাহনখন মুকলি কৰি উপায়ুক্ত শৰ্মাই ভোটদানৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ চৰকাৰ গঠনত জন সাধাৰণৰ সহযোগিতা কামনা কৰে । উল্লেখ্য যে, নিৰ্বাচনৰ বাবে সজাগতামূলক কাৰ্যসূচীৰ বাবে বাক্সা জিলাৰ তিনিটা সমষ্টি ক্ৰমে তামুলপুৰ, বৰমা আৰু চাপাগুৰিত চাইকেল ৰেলী, কুইজ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠানৰ সৈতে এটি শুভংকৰ (মেস্কট) জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা মুকলি কৰা হ’ব ।

লগতে পঢ়ক:নিৰ্বাচনৰ প্ৰাকক্ষণত মাহমৰা কংগ্ৰেছত খহনীয়া

ABOUT THE AUTHOR

...view details