বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু - অসম নিউজ
তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত সংঘটিত হৈছে এই ঘটনা ৷ শাহুৱেকৰ ঘৰত বিদ্যুতিক বাল্ব লগাই থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল'লে ৰঞ্জিত সিংহ নামৰ লোকজনে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
![বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3740717-thumbnail-3x2-hhhh.jpg)
বাক্সা, 4 জুলাইঃ বাক্সাৰ অভয়পুৰত শাহুৱেকৰ ঘৰত বাল্ব ঠিক কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত সংঘটিত হৈছে এই ঘটনা ৷ শাহুৱেকৰ ঘৰত বিদ্যুতিক বাল্ব লগাই থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল'লে ৰঞ্জিত সিংহ নামৰ লোকজনে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ উপৰিও শোকৰ ছাঁ পৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে ৷ তাৰোপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷