অসম

assam

ETV Bharat / state

আজিও সন্ধানহীন টিহু নৈত উটি যোৱা ব্যক্তি

অব্যাহত আছে বাক্সাৰ টিহু নৈত উটি যোৱা ভৱেন লাৱাৰীক বিচাৰি চলোৱা উদ্ধাৰ অভিযান ৷ এইপৰ্যন্ত কোনোৱে সন্ধান লাভ কৰা নাই লোকজনৰ ৷

আজিও সন্ধান লাভ কৰা নাই বাক্সাত টিহু নৈত উটি যোৱা ব্যক্তিক

By

Published : Jul 19, 2019, 2:39 PM IST

Updated : Jul 19, 2019, 3:14 PM IST

বাক্সা, 19 জুলাই : আজিও অব্যাহত আছে বাক্সাৰ টিহু নৈত উটি যোৱা ভৱেন লাৱাৰীক বিচাৰি চলোৱা উদ্ধাৰ অভিযান ৷ দুদিন ধৰি বৰমা আৰক্ষীৰ সহযোগত এফ.এন.ই.এছ. বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযানত আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই লোকজনৰ ৷

আজিও সন্ধান লাভ কৰা নাই বাক্সাত টিহু নৈত উটি যোৱা ব্যক্তিক

উল্লেখ্য যে, বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীৰ ভৱেন লাৱাৰী(৫৫) নামৰ লোক জনে খৰি লৈ কাহিবাৰীৰ মাজেৰে বৈ যোৱা টিহু নৈ পাৰ হৈ ঘৰলৈ আহিব লওঁতেই টিহু নৈৰ কোবাল সোঁতে উটুৱাই নিছিল লোকজনক ৷

Last Updated : Jul 19, 2019, 3:14 PM IST

ABOUT THE AUTHOR

...view details