অসম

assam

ETV Bharat / state

বাক্সাত গাঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণ ৰাইজৰ

বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ ৰাইজে সোমবাৰে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন দলং ৷ জিলাখনৰ গলবিল-আঠিয়াবাৰী গড়কাপ্তানি পথ সংযোগী উলুবাৰীত চঞ্চলা নৈৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷

বাক্সাত গাঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণ ৰাইজৰ

By

Published : May 20, 2019, 8:52 PM IST

বাক্সা, 20 মে': হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন স্বৰূপ ৷ মডেল বিটিচিৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱাত হাতে-কামে লাগিল ৰাইজ ৷ নিজৰ গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে দলং ৷ বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ ৰাইজে সোমবাৰে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন দলং ৷ উল্লেখ্য যে, জিলাখনৰ গলবিল-আঠিয়াবাৰী গড়কাপ্তানি পথ সংযোগী উলুবাৰীত চঞ্চলা নৈৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷ প্ৰায় পাঁচখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজে যাতায়ত কৰা পথটোৰ দলংখন নিৰ্মাণৰ বাবে ৰাইজে বিটিচি তথা ৰাজ্য চৰকাৰক কেইবাবাৰো আবেদন কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ফলত যাতায়তৰ সমস্যাত ককবকাই থকা অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি চাৰি ডাল লোৰ জইচ কিনি আনি নিজে দলং নিৰ্মাণৰ বাবে ওলাই আহে ৷ আনহাতে, বিএলটি আন্দোলনৰ সময়ছোৱাত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে উলুবাৰী গাঁৱত আত্মগোপন কৰি থাকিয়ে সংগ্ৰাম চলাই গৈছিল বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে ৷ কিন্তু যিখন গাঁৱত থাকি হাগ্ৰামাই আন্দোলনৰ নেতৃত্ব দিছিল সেই গাঁৱৰ ৰাইজে বঞ্চিত বিটিচিৰ উন্নয়নমূলক আঁচনিৰ পৰা ৷ এটা ভাল পথৰ অভাৱত বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি আহিছে উলুবাৰী গাঁৱৰ ৰাইজ ৷

বাক্সাত গাঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণ ৰাইজৰ

ABOUT THE AUTHOR

...view details