অসম

assam

By

Published : Aug 16, 2022, 8:44 AM IST

ETV Bharat / state

স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক

স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক (Police searched the bike and fined the rider) ৷

76th Independence day
স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক

বাক্সা, ১৫ আগষ্ট :দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশজুৰি বিগত দিনকেইটাত দেখিবলৈ পোৱা গৈছিল ব্যাপক উৎসাহ-উদ্দীপনাৰ(75th years of independence) ৷'আজাদী কা অমৃত মহোৎসৱ' ’ঘৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশ হিচাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছিল দেশখনৰ লগতে আমাৰ ৰাজ্যখনতো ৷

একেদৰে কালি স্বাধীনতা দিৱসৰ দিনটোতো ৰাজ্যবাসীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে স্বাধীনতা দিৱস পালন কৰা দেখিবলৈ পোৱা গৈছিল ৷ সমান্তৰালভাবে স্বাধীনতা দিৱসৰ দিনাই আত্মীয়-স্বজনৰ সৈতে দিনটো উপভোগ কৰাৰ উদ্দেশ্যৰে বহুতেই বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছিল ৷ তাতেই লাগিল কেনা ৷ প্ৰশাসনে চলালে দুচকীয়া বাহনসমূহত তালাচী(Administration conducted searches on two wheelers) ৷

স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক

যান-বাহন চলোৱাৰ নীতি-নিয়ম পালনৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনাক ৰাইজে মানি চলিছেনে নাই সেই বিষয়ে প্ৰশাসন সষ্টম হৈ পৰে ৷ বাইকত যোৱা সকলৰ লগত হেলমেট, নথি-পত্ৰ নাথাকিলে লগতে বাইকত উঠি যোৱা দুয়োজনৰে মূৰত হেলমেট নাথাকিলে জৰিমনা বিহে প্ৰশাসনে ৷ কেৱল তালাচী চলোৱাই নহয় বাইক আৰোহীৰ পৰা সংগ্ৰহ কৰিলে জৰিমনা পৰ্যন্ত(Collected fines from bike riders) ৷

লগতে পঢ়ক:এদিনতে 80 হাজাৰ টকা জৰিমনা সংগ্ৰহ হোজাই জিলা পৰিবহণ বিভাগৰ

ABOUT THE AUTHOR

...view details