অসম

assam

By

Published : Sep 20, 2020, 5:18 PM IST

ETV Bharat / state

গোৰেশ্বৰত বিজেপিয়ে পালন কৰিলে সেৱা সপ্তাহ

গোৰেশ্বৰ অঞ্চলৰ শতাধিক বয়োজেষ্ঠ্য ব্যক্তিক চশমা, দিয়াৰ উপৰিও ঠেলা চালক ৰিক্সা চালক, পান দোকানী, নাপিত সকলক কিছু পৰিমানে আৰ্থিক সাহৰ্য আগবঢ়াই ৷

PM modi birth day celebration at gowreswar
গোৰেশ্বৰত বিজেপিয়ে পালন কৰিলে সেৱা সপ্তাহ

তামুলপুৰ,20 ছেপ্তেম্বৰঃসমগ্ৰ দেশৰ লগতে অসমতো বিজেপি য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্ম দিন উপলক্ষে সপ্তাহ যোৰা সেৱা সপ্তাহ পালন কৰে। এই সেৱা সপ্তাহৰ সময়চোৱাত দলটোৱে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিক সহায় কৰাৰ লগতে দলটোৰ বহু সদস্যই ৰক্ত দানো কৰে।

গোৰেশ্বৰত বিজেপিয়ে পালন কৰিলে সেৱা সপ্তাহ

অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাৰ উপস্থিতিত গোৰেশ্বৰ মণ্ডল বিজেপিয়ে শনিবাৰে সন্ধিয়া দলটোৰ কাৰ্যালয়ত গোৰেশ্বৰ অঞ্চলৰ শতাধিক বয়োজেষ্ঠ্য ব্যক্তিক চশমা, দিয়াৰ উপৰিও ঠেলা চালক ৰিক্সা চালক, পান দোকানী, নাপিত সকলক কিছু পৰিমানে আৰ্থিক সাহৰ্য আগবঢ়াই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্ম দিন উপলক্ষে সপ্তাহ জোৰা সেৱা সপ্তাহৰ জৰিয়তে দলটোৱে সমাজৰ পিছপৰা ব্যক্তি সকলক কিছু পৰিমাণে সহায় কৰে ৷ উক্ত অনুষ্ঠানটোত সভপতিত্ব কৰে মণ্ডল বিজেপিৰ সভাপতি ৰনেন নাৰ্জাৰী আৰু আঁত ধৰে সম্পাদক সমাৰেন্দ্ৰ শৰ্মাই ।

লগতে পঢ়কঃধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details