অসম

assam

By

Published : Nov 12, 2020, 10:14 PM IST

ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰী

বিটিচিক অনুদান দিয়া আৰ্থিক পেকেজ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পইচা নহয়, সেই ধন কেন্দ্ৰৰহে ৷ এই মন্তব্য বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বাগানপাৰা সমষ্টিৰ প্ৰতিটো পৰিয়াললৈ আহি নাঙল আছে নে নাই সেইয়া চাবলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে যদি নাঙল দেখা নাপায় তেন্তে তেওঁ প্ৰতিদ্বন্দিতাই নকৰে বুলিও মন্তব্য কৰে ৷

pholindra-basumatary-says-against-himanta-biswa-sarma
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰী

বৰমা,12 নবেম্বৰঃবিটিচিক অনুদান দিয়া আৰ্থিক পেকেজ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পইচা নহয়, সেই ধন কেন্দ্ৰৰহে ৷ এই মন্তব্য বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীৰ । বৃহস্পতিবাৰে বাক্সা জিলাৰ দেৱচৰাত দেৱচৰা প্ৰাথমিক সমিতিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদিহে বিটিচিত ধনৰ দুৰ্নীতি সংঘটিত হৈছে তেনেহ'লে তদন্ত কৰি দোষীক কিয় জে'লত পঠোৱা হোৱা নাই ? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বাগানপাৰা সমষ্টিৰ প্ৰতিটো পৰিয়াললৈ আহি নাঙল আছে নে নাই সেইয়া চাবলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে যদি নাঙল দেখা নাপায় তেন্তে তেওঁ প্ৰতিদ্বন্দিতাই নকৰে বুলিও মন্তব্য কৰে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰী

আনহাতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে দল এৰি বিজেপিত যোগদান কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে। তেওঁ সাংসদ গৰাকীক কটাক্ষ কৰি কয় যে, বিশ্বজিত দৈমাৰী ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈ সাংসদ হোৱা নাই। বিপিএফৰ বিধায়ক সকলেহে ভোট দি সাংসদ হিচাপে নিৰ্বাচিত কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সাংসদগৰাকীক আগন্তুক নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি নিজৰ জনপ্ৰিয়তা দেখুৱাবলৈও প্ৰত্যাহ্বান জনায় বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়ে ৷

লগতে পঢ়কঃ উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ABOUT THE AUTHOR

...view details