অসম

assam

By

Published : Oct 2, 2020, 10:03 AM IST

ETV Bharat / state

বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ

ইফালে আগন্তুক দিনত বিপিএফ দলে সকলো জনগোষ্ঠীকে সমমৰ্যাদা প্ৰদান কৰাৰ লগতে পৰ্য্যায় ক্ৰমে মাটিৰ পট্টা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ৷

Phalindra Basumataray appeal to held Election at BTC
বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ

বৰমা, 2 অক্টোবৰ: "বিটিচি হোৱাৰ পাছতহে বাগানপাৰা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমুহত দলং, কালভাৰ্ট, পকী ৰাস্তা হ'ল ৷ ভাৰত স্বাধীন হোৱা 74 বছৰ হ'ল ৷ কিন্তু আজিলৈকে বাগানপাৰা সমষ্টিত কোনে কিমান উন্নয়ন কৰিছে ৰাইজে দেখিছে"৷ বুধবাৰে বাগানপাৰা সমষ্টিত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ৷ লগতে নিজৰ কাৰ্যকালত ৰাইজৰ কাৰণে বহু কাম কৰিলে বুলি উল্লেখ কৰি আৰু অধিক কাম কৰিবলগীয়া আছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আনহাতে ইউপিপিএল দলে সদায় হকে বিহকে বিপিএফ দলক সমালোচনা কৰে বুলি ইউপিপিএলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেতা গৰাকী ৷

বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ

ইফালে আগন্তুক দিনত বিপিএফ দলে সকলো জনগোষ্ঠীকে সমমৰ্যাদা প্ৰদান কৰাৰ লগতে পৰ্য্যায় ক্ৰমে মাটিৰ পট্টা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ৷ লগতে মহিলা সকলৰ উন্নয়নৰ কাৰণে মহিলা গোট সমুহক আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আনহাতে কৰ'ণা মহামাৰীৰ দোহাই দি বিটিএডিত নিৰ্বাচন পিচুৱাি থকাৰ কাৰ্যক সমালোচনা কৰি যদি বিহাৰ নিৰ্বাচনৰ বাবে উপযুক্ত তেনেহলে কিয় বিটিএডিত উপযুক্ত নহয় বুলি প্ৰশ্ন কৰে প্ৰাক্তন এমচিএলএ গৰাকীয়ে ৷ লগতে বিটিচিত অতি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়ে ৷

লগতে পঢ়কঃআজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক

ABOUT THE AUTHOR

...view details