অসম

assam

কৰ’ণা প্ৰতিষেধক ল’বলৈ বাক্সাত ৰাইজৰ হেতা-ওপৰা

By

Published : Apr 23, 2021, 7:37 AM IST

বাক্সা জিলাৰ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে কৰ’ণা প্ৰতিষেধক ল’বলৈ ভিৰ ৪৫উৰ্ধৰ বয়সৰ লোকৰ ৷ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা৹ অবিনাশ তালুকদাৰে সদৰি কৰা অনুসৰি চিকিৎসালয় খনত প্ৰতি দিনে ক’ভিড পৰীক্ষা কৰি থকাৰ উপৰিও ৪৫ বছৰৰ উৰ্ধৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈ আছে ।

কৰ’ণাৰ প্ৰতিষেধক ল’বলৈ হেতা-উপৰা বাক্সাৰ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত
কৰ’ণাৰ প্ৰতিষেধক ল’বলৈ হেতা-উপৰা বাক্সাৰ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত

বাক্সা,23 এপ্ৰিল :দেশত কৰ’ণা মহামাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ এনে সময়তে বাক্সা জিলাত কৰ’ণা প্ৰতিষেধক লোৱাৰ বাবে এতিয়া কৰ’ণা প্ৰতিষেধক দিয়া স্থানত ভিৰ কৰিছে বহু লোকে ৷ জানিব পৰা মতে, বাক্সা জিলাৰ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে কৰ’ণা প্ৰতিষেধক ল’বলৈ ৪৫ উৰ্ধৰ বয়সৰ বহু লোকে ভিৰ কৰে ৷

প্ৰথমে ক’ভিড-১৯ পৰীক্ষা, তাৰ পিচত প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য কেন্দ্ৰটোত । অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা৹ অবিনাশ তালুকদাৰে সদৰি কৰা অনুসৰি চিকিৎসালয় খনত প্ৰতি দিনে ক’ভিড পৰীক্ষা কৰি থকাৰ উপৰিও ৪৫ বছৰৰ উৰ্ধৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

কৰ’ণাৰ প্ৰতিষেধক ল’বলৈ হেতা-উপৰা বাক্সাৰ অঞ্চলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত

বৃহস্পতিবাৰে প্ৰতিষেধক প্ৰদানৰ ষষ্ঠ দিনা যদিও যথেষ্ট লোকক প্ৰদান কৰা হয় ক’ভিড প্ৰতিষেধক । উল্লেখ্য যে, বাক্সা জিলাত বৃহস্পতিবাৰলৈকে নতুনকৈ ১০ জন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰিছে ৷ এই তথ্যৰ ভিত্তিত জিলাখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে গৈ 67 গৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰৰ দিনটোত ৬ গৰাকী ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰে ৷ আনহাতে, জিলাখনত 19 গৰাকী লোক সুস্থ হৈ উঠিছে আৰু দুগৰাকীৰ মৃত্যু হয় মহামাৰী কৰ’ণা ভাইৰাছৰ ফলত । সম্প্ৰতি কভিড-19 ত আক্ৰান্ত 46 গৰাকী ৰোগী নিজ নিজ গৃহত কোৱাৰেন্টাইন অৱস্থাত আছে ৷

লগতে পঢ়ক:লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details