অসম

assam

By

Published : Apr 10, 2020, 3:10 PM IST

ETV Bharat / state

কৰ'ণাৰ আতংকৰ মাজতে বাক্সাত ধুমুহাই প্ৰাণ ল'লে এগৰাকী বৃদ্ধাৰ

শুকুৰবাৰে হৈ যোৱা প্ৰচণ্ড ধুমুহাত পশুধনৰ লগতে মাুনহৰ মৃত্যু ৷ বাক্সাৰ নাগ্ৰীজুলীত ধুমুহাৰ ফলত গছ ভাঙি ঘৰৰ ওপৰত পৰাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী বৃদ্ধা মহিলাৰ ।

old woman death at baksa because of cyclone
কৰ'ণাৰ আতংকৰ মাজতে বাক্সাত ধুমুহাই প্ৰাণ ল'লে এগৰাকী বৃদ্ধাৰ

বাক্সা,10 এপ্ৰিলঃকৰ'ণাৰ আতংকৰ মাজতে ৰাজ্যত শুকুৰবাৰে সৃষ্টি হয় প্ৰচণ্ড ধুমুহাৰ ৷ এই ধুমুহাৰ ফলত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হয় ৷ এই প্ৰচণ্ড ধুমুহাৰ ফলত বাক্সাৰ নাগ্ৰীজুলীত এগৰাকী বৃদ্ধ মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাগৰাকীও ৷ শুকুৰবাৰে নিশা প্ৰায় 10 বজাত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে তামুলপুৰ মহকুমাত ৷ মহকুমাটোৰ গুৱাবাৰীৰ বাউলা খান্দাত গছ ভাঙি ঘৰৰ ওপৰত ভাঙি পৰাত থিতাতে মৃত্যু হয় সন্ধ্যা ৰাণী নমো শৰ্মা নামৰ এগৰাকী বৃদ্ধা মহিলাৰ ৷ লক ডাউনৰ সময়ছোৱাত হৈ যোৱা এই প্ৰচণ্ড ধুমহাৰ ফলত পথৰ ওপৰত গছ গছনি ভাঙি পৰাৰ লগতে, বিদ্যুতৰ তাঁৰ, খুঁটা আদি ঠায়ে ঠায়ে ভাঙি পৰে ।

কৰ'ণাৰ আতংকৰ মাজতে বাক্সাত ধুমুহাই প্ৰাণ ল'লে এগৰাকী বৃদ্ধাৰ

মহকুমাটোৰ সদৰৰ লগতে নাগ্ৰিজুলি, দুৱাৰমাখা, গুৱাবাৰী, কুমাৰীকাটা, কাউলী আদি অঞ্চলৰ বহুতো পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি বিধ্বস্ত হয় ৷ মহকুমাটোৰ বহু কেইখন গাঁও ইতিমধ্যে ধ্বংস স্তুপত পৰিণত হৈছে। যি সময়ত খাদ্যৰ বাবে একাংশ লোকে হাহাকাৰ কৰিছে তেনে সময়তে প্ৰকৃতিৰ এনে তাণ্ডৱে দিশহাৰা কৰি তুলিছে দুৰ্ভগীয়া ৰাইজক ৷

লগতে পঢ়কঃবিদেশত কুশলে আছেনে অসমীয়া-২

ABOUT THE AUTHOR

...view details