অসম

assam

By

Published : Mar 22, 2019, 12:09 AM IST

ETV Bharat / state

সীমান্ত বাণিজ্য কেন্দ্ৰত নাই এখনো ব্যৱসায়িক প্ৰতিষ্ঠান

বাক্সাৰ দৰঙামেলাত সাতমাহ পূৰ্বেই মুখ্যমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীয়ে মুকলি কৰিছিল কেন্দ্ৰটো ৷

সীমান্ত বাণিজ্য কেন্দ্ৰ

দৰঙামেলা, 21 মাৰ্চঃ ভাৰত-ভূটানৰ মাজৰ আন্তৰ্জাতিক সম্পৰ্ক উন্নত কৰিবলৈ বাক্সাৰ দৰঙামেলাত স্থাপিত হৈছিল ৰাজ্যৰ তৃতীয়টো সীমান্ত বাণিজ্য কেন্দ্ৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আৰু অসম চৰকাৰৰ তত্বাৱধানত বিটিচি প্ৰশাসনৰ নিৰ্মাণ কৰিছিল এই কেন্দ্ৰটো ৷

বিগত ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত মুকলি কৰিছিল এই কেন্দ্ৰটো ৷ কেন্দ্ৰটো উদ্বোধনৰ সময়তে উদ্যোগ তথা বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছিল চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি মুখ্যমন্ত্ৰী আৰু হাগ্ৰামা মহিলাৰীয়ে ৷

সীমান্ত বাণিজ্য কেন্দ্ৰ

কিন্তু মুকলিৰ সাত মাহ পিচটো এতিয়ালৈকে কাৰ্যক্ষম হৈ উঠা নাই উক্ত কেন্দ্ৰটো ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা অসাৰ পৰিনত কৰি এতিয়ালৈকে কেন্দ্ৰটোত স্থাপন নহ'ল কোনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ কোটি টকা খৰচ কৰি দুখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক উন্নত কৰিবলৈ স্থাপন কৰা কেন্দ্ৰটোত এতিয়া দুই-এখন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাহিৰে পৰিলক্ষিত নহ'ল আন কোনো উন্নয়ন ৷

ABOUT THE AUTHOR

...view details