অসম

assam

ETV Bharat / state

বাক্সাত খেতিয়কৰ মূৰৰ কামোৰণি "ব্লাড"

বানৰ পাছত এতিয়া খেতি পথাৰ চানি ধৰিছে "ব্লাড" ৰোগে ৷ নষ্ট হৈছে খেতি, চিন্তিত খেতিয়ক ৷

বাক্সাত খেতিয়কৰ মূৰৰ কামোৰণি "ব্লাড"

By

Published : Jul 6, 2019, 9:16 AM IST

বাক্সা,6 জুলাইঃ বাক্সা জিলাৰ খেতিপথাৰত এইবাৰ দেখা দিছে "ব্লাড" ৰোগে ৷ বিশেষকৈ শাক পাচলিৰ খেতিৰ ব্যাপক অনিষ্ট সাধন কৰি কৃষকক চিন্তাত পেলাইছে এইবিধ ৰোগে ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ ইকৰাবিল গাঁৱৰ কৃষক হৰিবোল বিশ্বাসৰ পটল খেতিত ধৰা পৰিছে ব্লাড ৰোগ ৷ প্ৰায় চল্লিশ হাজাৰ টকা খৰচ কৰি কৰা পটলৰ লগতে বেঙেনা, কচু ,জলকীয়া আদি খেতিৰ ক্ৰয় মূল্য ঘূৰাই পাব নে নাই তাক লৈ বৰ্তমান চিন্তাত পৰিছে কৃষকজন ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত নাগ্ৰীজুলী, চলীকাণ্ডা, চাপাটল,আনন্দবজাৰ আদি অঞ্চলত সৃষ্টি হৈছিল ব্যাপক বানপানীৰ ৷

বাক্সাত বানপানীৰ পিছত এইবাৰ শাক পাচলিত বেমাৰ

ABOUT THE AUTHOR

...view details