বাক্সা, 5 জুলাই : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত কালানদীত দেওবাৰে উদ্ধাৰ হয় এটি অচিনাকি মৃতদেহ । মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷
স্থানীয় ৰাইজৰ খবৰ অনুসৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । কালানদীৰ পানীৰ ঢলে লোকজনক উটুৱাই অনাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।