অসম

assam

By

Published : May 18, 2019, 5:59 PM IST

ETV Bharat / state

ভাৰতৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিতঃ জ্যোতি ৰংগালা

চাইকেলেৰে ভাৰতবৰ্ষৰ 30 হাজাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে অন্ধ্ৰ প্ৰদেশৰ পৰা অসমত আহি উপস্থিত হৈছে জ্যোতি ৰংগালা নামৰ উচ্চশিক্ষিত যুৱতীগৰাকী ৷

জ্যোতি ৰংগালা

বাক্সা, 18 মেঃভাৰতৰ ৰাজপথসমূহ মহিলাৰ বাবে সুৰক্ষিত ৷ এই বাৰ্তাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অন্ধ্ৰ প্ৰদেশৰ পৰা অসমত আহি উপস্থিত হৈছে এগৰাকী উচ্চ শিক্ষিত যুৱতী ৷

জ্যোতি ৰংগালা

অন্ধ্ৰ প্ৰদেশৰ পূৱ-গোদাবৰী জিলাৰ জ্যোতি ৰংগালা নামৰ 35 বছৰীয়া এম.বি.এ. ডিগ্ৰীধাৰী যুৱতীগৰাকী শনিবাৰে তামুলপুৰত উপস্থিত হয় ৷ ২০১৭ চনত নিজৰ যাত্ৰা আৰম্ভ কৰা সাহসী যুৱতীগৰাকীয়ে ইতিমধ্যে ১৭ খন জিলাৰ ১৪ হেজাৰ কি:মি: পথ অতিক্ৰম কৰিছে ৷ যুৱতীগৰাকীয়ে নিজৰ যাত্ৰাকালত বিভিন্নজনৰ পৰা লাভ কৰা সহায়-সহযোগিতাৰ লগতে বিটিচি অঞ্চলৰ জনজাতীয় লোকসকলৰ পৰা লাভ কৰা আতিথ্যৰ কথাও উল্লেখ কৰে ৷ নতুন দিল্লীৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰা জ্যোতি ৰংগালাই তামুলপুৰত উপস্থিত হোৱাৰ লগে লগেই বিভিন্নজনে ফুলাম গামোচাৰে আদৰণি জনায় ৷

ABOUT THE AUTHOR

...view details