অসম

assam

By

Published : Jul 18, 2022, 3:41 PM IST

ETV Bharat / state

Career counseling program: নিয়োগ তথা স্ব-সংস্থাপনৰ পৰামৰ্শৰ উদ্দেশ্যে গোৰেশ্বৰত কেৰিয়াৰ কাউঞ্চিলিং প্ৰগ্ৰেম

স্থানীয় সংগঠনৰ উদ্যোগত ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউঞ্চিলিং প্ৰগ্ৰেম (Career counseling program in Goreswar) ৷ অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জয়ন্ত কৃষ্ণ শৰ্মা, ৰাষ্ট্ৰীয় বঁ‌টা প্ৰাপ্ত বিজ্ঞানী তথা লেখিকা ড৹ নিৰ্মলা দেৱীৰ লগতে তামুলপুৰ জিলাৰ প্ৰশাসনিক বিষয়া ৰামানুজ হাজৰিকা আৰু সহকাৰী আয়ুক্ত বিভাষ পাঠক ৷

Career Counseling Program in Tamulpur
চানৰাইজ ইউথ ক্লাৱৰ উদ্যোগত আয়োজন কেৰিয়াৰ কাউঞ্চিলিং প্ৰগ্ৰেম

তামুলপুৰ, 18 জুলাই: গোৰেশ্বৰৰ ভোলাঝাৰত অনুষ্ঠিত হৈ যায় কেৰিয়াৰ কাউঞ্চিলিঙৰ এক কাৰ্যসূচী (Career Counseling Program in Tamulpur) ৷ তামুলপুৰৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোলাজাৰত স্থানীয় সংগঠন চানৰাইজ ইউথ ক্লাৱৰ উদ্যোগত ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় কেৰিয়াৰ কাউঞ্চিলিং শীৰ্ষক এই কাৰ্যসূচী ।

উঠি অহা যুৱ প্ৰজন্ম বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জয়ন্ত কৃষ্ণ শৰ্মা (Dr. Jayant Krishna Sharma Professor of Guwahati University), ৰাষ্ট্ৰীয় বঁ‌টাপ্ৰাপক বিজ্ঞানী তথা লেখিকা ড৹ নিৰ্মলা দেৱীৰ লগতে তামুলপুৰ জিলাৰ প্ৰশাসনিক বিষয়া ৰামানুজ হাজৰিকা আৰু সহকাৰী আয়ুক্ত বিভাষ পাঠক ৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত অভিভাৱকসকলেও ভাগ লোৱা পৰিলক্ষিত হয় ৷

চানৰাইজ ইউথ ক্লাৱৰ উদ্যোগত আয়োজন কেৰিয়াৰ কাউঞ্চিলিং প্ৰগ্ৰেম

অনুষ্ঠানটোত নিয়োগ তথা স্ব-সংস্থাপনৰ বাবে কি ধৰণে আগবাঢ়িব লাগে সেই সম্পৰ্কে বিষদভাৱে বক্তব্য ৰাখে উপস্থিত থকা প্ৰত্যেকগৰাকী আমন্ত্ৰিত অতিথিয়ে ৷ প্ৰশাসনিৰ বিষয়া ৰামানুজ হাজৰিকাই (Ramanuj Hazarika, ACS Officer) গোলাঘাট জিলাৰ অতিকে পিছ পৰা এটা অঞ্চলৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিকত নৱম স্থান দখল কৰাৰ লগতে পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজিৰ এই পৰ্যায় কিদৰে পাবলৈ সক্ষম হৈছে, সেই বিষয়ে বিৱৰণ দি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, স্থানীয় সংগঠন চান ৰাইজ ইউথ ক্লাবৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ সকলো লোকে লৈছে শলাগ । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০১৮ চনত এই ক্লাৱৰ উদ্যোগত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:Felicitation Program in Naharkatia : কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ

ABOUT THE AUTHOR

...view details