অসম

assam

ETV Bharat / state

বৰমাত বিহুৰ ব্যাপক প্ৰস্তুতি - বৰমা

সংস্কৃতিৰ ভৰাল বৰমাত আৰম্ভ হৈছে সপ্তাহযোৰা বিহু কৰ্মশালা

বৰমাত বিহুৰ ব্যাপক প্ৰস্তুতি

By

Published : Mar 21, 2019, 7:14 AM IST

বৰমা, ২১ মাৰ্চঃহেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ ৷ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ পিচপৰি থকা নাই বাক্সাৰ বৰমা ৷ সংস্কৃতিৰ ভৰাল বৰমাত আৰম্ভ হৈছে সপ্তাহ যোৰা বিহু কৰ্মশালা ৷ বৰমাৰ সমন্বয় কলাকেন্দ্ৰ উদ্যোগত আৰম্ভ হোৱা সপ্তাহযোৰা বিহু প্ৰশিক্ষন কৰ্মশালাত বৃহত্তৰ বৰমা অঞ্চলৰ শিশুৰ পৰা শতাধীক যুৱতীয়ে অংশগ্ৰহন কৰাৰ লগতে অংশ গ্ৰহন কৰে ন - পুৰনী ঢুলিয়াই ৷

বৰমাত বিহুৰ ব্যাপক প্ৰস্তুতি
সুদুৰ গুৱাহাটীৰ পৰা বিহু ৰানী তথা বিহু সম্ৰাজ্ঞী নিলাক্ষী বৰগোহাই আৰু ঢুলীয়া ৰাম বৰাই প্ৰশিক্ষক হিতাপে কৰিছে অংশগ্ৰহন ৷ সমন্বয় কলাকেন্দ্ৰৰ উদ্যোক্তা আম্বিয়া আহমেদে বৰমাত প্ৰথমবাৰৰ বাবে এই বিহুৰ কৰ্মশালা অনুস্থিত হোৱাৰ কথা প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰমা আঞ্চলিক ৰঙালী বিহু শতিকা গৰকাৰ পথত ৷
হেপাহৰ ৰঙালী বিহুটিক লৈ অঞ্চলতোৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details