অসম

assam

By

Published : Dec 1, 2020, 9:39 PM IST

ETV Bharat / state

বাক্সাৰ মুছলপুৰত বিশ্ব এইডচ্ দিৱস পালন

বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মুছলপুৰৰ ৰেইনবো একাডেমীৰ সহযোগত উদযাপন কৰা হয় বিশ্ব এইডচ্ দিৱস ৷ এইডচ্ দিৱস উপলক্ষে উলিওৱা শোভাযাত্ৰা মুকলি কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

As_baksa_aids_day_img_as10029
বাক্সাৰ মুছলপুৰত বিশ্ব এইডচ্ দিৱস পালন

বৰমা,1 ডিচেম্বৰঃ আজি বিশ্ব এইডচ্ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে বাক্সাৰ মুছলুৰতো উদযাপন কৰা হয় এই দিৱসটি ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মুছলপুৰৰ ৰেইনব’ একাডেমীৰ সহযোগত এই দিৱসটো আজি উদযাপন কৰা হয় ৷ এইডচ্ দিৱস উপলক্ষে উলিওৱা শোভাযাত্ৰা মুকলি কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷ ইয়াৰ পিছত ৰেইনব’ একাডেমীত কুইজ প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত কৰা হয় ৷

বাক্সাৰ মুছলপুৰত বিশ্ব এইডচ্ দিৱস পালন

এই মুকলি সভাত উপস্থিত থাকে বাক্সা জিলা স্বাস্থ্য বিভাগৰ জিলা সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠক, ৰেইনব’ একাডেমীৰ শিক্ষক ৰতন ৰাভা আৰু পৰিচালনা সমিতিৰ সম্পাদক কাৰ্তিক দাস ৷ এইডচৰ সৈতে সকলো লোককে একত্ৰিতভাৱে যুঁজ দি এই ৰোগত আক্ৰান্ত সোকলকলৰ সমভাগী হৈ সমাজৰ পৰা এই ব্যাধি আঁতৰোৱাৰ বাবে সংকল্পৱদ্ধ হ’বলৈ আজিৰ সভাৰ জৰিয়তে আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক-BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details