অসম

assam

ETV Bharat / state

নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাওকটাত নিশা ৰাজনৈতিক নেতাক খুন্দিয়াই হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ বাক্সা জিলা যুৱ মৰ্চাৰ ।

By

Published : Jun 26, 2020, 7:53 AM IST

Accident at goreswar
নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন

তামুলপুৰ, 26 জুন : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাওকটাত নিশা দুৰ্ঘটনাত পতিত হয় বিটিচি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰনেন নাৰ্জাৰীৰ অল্টো বাহনখন ৷ শুৱাগপুৰ নিবাসী বাক্সা জিলা যুৱ মৰ্চাৰ সভাপতি কৰণ চেত্ৰীক গৃহত থবলৈ গৈ উভতি আহা সময়তে নাওকটাত এখন অচিনাক্ত ডাম্পাৰে খুন্দিয়াই থৈ যায় নাৰ্জাৰীৰ গাড়ীখন ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত নাছিল ৰনেন নাৰ্জাৰী ৷

নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন

বৰ্তমান ঘটনা সন্দৰ্ভত ৰনেন নাৰ্জাৰীয়ে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । সমগ্ৰ অসমৰ লগতে বিটিচিৰ 29 নং শুক্লাই চেৰফাং সমষ্টিত বিজেপি দলৰ জনপ্ৰিয়তাত সংকিত হৈ কোনো ৰাজনৈতিক দলে পূৰ্ব পৰিকল্পিতভাবে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৰনেন নাৰ্জাৰী আৰু বাক্সা জিলা যুৱ মৰ্চাৰ সভাপতি কৰণ চেত্ৰীয়ে । বিটিচিত এনেকুৱা কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ কৰি এচামে ক্ষমতা দখল কৰিব বিচাৰে বুলি অভিযোগ উত্থাপন কৰে নেতাদ্বয়ে । তেওঁলোকে ৰাজনীতি কৰাৰ অধিকাৰ সকলোৰে আছে বুলি উল্লেখ কৰি এনে কুটিল ৰাজনীতি পৰিহাৰ কৰি সুক্ষ্ম ৰাজনীতি কৰিবলৈ সকলো পক্ষক আহ্বান জনায় । দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে পলায়ন কৰে ডাম্পাৰখনৰ চালক ৷ উক্ত ডাম্পাৰখনৰ সন্ধানত প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক: COVID-19: গণ সংক্ৰমণৰ দিশে গোলাঘাট

ABOUT THE AUTHOR

...view details