অসম

assam

ETV Bharat / sports

ইছৰো আৰু ক্ৰীড়াবিদৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাইঃ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰো আৰু ক্ৰীড়াবিদ সকলক তুলনা কৰি কয় যে, দেশৰ অন্তৰীক্ষ সংস্থা ইছৰো আৰু এথলীট সকলৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাই ৷

By

Published : Sep 8, 2019, 1:53 PM IST

ইছৰো' আৰু ক্ৰীড়াবিদৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাই, মোডী

স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰো আৰু ক্ৰীড়াবিদ সকলক তুলনা কৰি কয় যে, দেশৰ অন্তৰীক্ষ সংস্থা ইছৰো আৰু এথলীট সকলৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাই ৷ উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-2 ৰ পাছতে ভাৰতীয় ক্ৰীড়া পৰিয়ালে ইছৰোক প্ৰশংসা আগবঢ়াইছিল ৷

ইছৰো' আৰু ক্ৰীড়াবিদৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাই, মোডী

ভাৰতৰ টেনিছ তাৰকা মহেশ ভূপতিৰ টুইটক পুনৰ টুইট কৰি মোডীয়ে দেওবাৰে পুৱা উল্লেখ কৰে, "ইছৰো আৰু ক্ৰীড়াবিদৰ দৰে চেম্পিয়ন সকলৰ বাবে ব্যৰ্থতা বুলি কোনো বস্তু নাই ৷ কেৱল জ্ঞান অৰ্জন কৰিবলগাহে আছে ৷"

শনিবাৰে ভূপতিয়ে টুইট কৰিছিল, "ইছৰোলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ ইয়াৰ জৰিয়তে চন্দ্ৰত অৱতৰণ কৰিবলৈ তেওঁলোক আৰু ভোকাতুৰ হৈ পৰিব ৷ সমগ্ৰ দেশ ইছৰোক লৈ গৌৰৱাম্বিত ৷ জয় হিন্দ ৷"

উল্লেখ্য যে, চন্দ্ৰত অৱতৰণৰ কিছু পূৰ্বে বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত এনেদৰে সকলোৱে ইছৰোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অধ্যৱসায়ৰ বাবে উৎসাহ প্ৰদান কৰিছিল ৷

ABOUT THE AUTHOR

...view details