স্পৰ্টছ ডেস্ক,৭ অক্টোবৰ :এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । শনিবাৰে পুনৰ ভাৰতৰ হাতলৈ আহিল সোণৰ পদক । মহিলা কাবাডী দলে ফাইনেলত প্ৰতিদ্বন্দী চীনা টাইপেইক ২৬-২৫ পইণ্টত পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ লগে লগে ভাৰতে চলিত এছিয়ান গেমছত ১০০টা পদকৰ ঘৰ অতিক্ৰম কৰে । মহাদেশীয় ইভেণ্টত এয়া মহিলা কাবাডী দলৰ তৃতীয়টো খিতাপ । ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা অন্তিম সংস্কৰণত ভাৰতীয় দলটো ৰানাৰ্ছ-আপ হৈছিল ।
অৱশ্যে সোণৰ পদক লাভ কৰাটো ভাৰতীয় মহিলা দলৰ বাবে ইমান সহজ নাছিল । কিয়নো চীনা টাইপেই দলটোৱে ফাইনেলত ভাৰতক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল । কিন্তু অন্তিম পৰ্যায়ত মাত্ৰ এক পইণ্টৰ ব্যৱধানত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
ভাৰতীয় ৰাইডাৰসকলে প্ৰথমাৰ্ধত ৬ টা বোনাচ পইণ্ট অৰ্জন কৰে । দ্বিতীয়াৰ্ধত চীনা টাইপেই আগবাঢ়ি যায় আৰু ১৬ পইণ্ট অৰ্জন কৰে । আনহাতে ভাৰতীয় খেলুৱৈসকলে মাত্ৰ ১২ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় । অৱশ্যে, দ্বিতীয়াৰ্ধত ভাৰতীয় ৰাইডাৰসকলে ২ বোনাচ পইণ্ট অৰ্জন কৰে । কিন্তু শেষত সুন্দৰ প্ৰদৰ্শনৰ বাবে ভাৰতীয় মহিলা কাবাডী খেলুৱৈসকলে চীনা টাইপেইৰ বিৰুদ্ধে ২৬-২৫ত জয় লাভ কৰে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতে ইভেণ্টৰ ছেমি ফাইনেল খেলখনত নেপালক ৬১-১৭ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ কাবাডীৰ ফাইনেলত প্ৰৱেশ কৰে ।
ভাৰত আৰু ইৰাণে শনিবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২:৩০ বজাত হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত পুৰুষৰ কাবাডীৰ ফাইনেলত অৱতীৰ্ণ হ'ব । ভাৰতে বৰ্তমান চলিত সংস্কৰণত মুঠ ১০০ টা পদকৰ সৈতে পদক তালিকাৰ চতুৰ্থ স্থানত আছে । ভাৰতীয় খেলুৱৈসকলৰ এই সফলতাত আনন্দিত দেশবাসী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতৰ এই ঐতিহাসিক মুহূৰ্তত খেলুৱৈসকলক অভিনন্দন জনাইছে ।
লগতে পঢ়ক :Asian Game 2023: কম্পাউণ্ড আৰ্চাৰীত জ্যোতিৰ সোণ, ব্ৰঞ্জৰ পদকতে সন্তুষ্ট অদিতি