অসম

assam

ETV Bharat / sports

টকিঅ’ অলিম্পিকৰ পাচত বক্সি ৰিং এৰাৰ সম্ভাৱনা সৰীতা দেৱীৰ

অৱসৰ গ্ৰহণৰ ইংগিত দিলে মণিপুৰৰ তাৰকা মহিলা বক্সিং খেলুৱৈ সৰীতা দেৱীয়ে ৷ টকিঅ’ অলিম্পিকৰ পাচতেই বক্সিং ৰিং ত্যাগ কৰাৰ সম্ভাৱনা ৷

By

Published : Sep 28, 2019, 10:24 PM IST

টকিঅ’ অলিম্পিকৰ পাচত বক্সি ৰিং এৰাৰ সম্ভাৱনা সৰীতা দেৱীৰ

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰঃ টকিঅ’ অলিম্পিকেই হ’ব পাৰে জীৱনৰ শেষ প্ৰতিযোগিতা মণিপুৰৰ তাৰকা মহিলা বক্সিং খেলুৱৈ সৰীতা দেৱীৰ ৷ টকিঅ’ অলিম্পিকৰ পূৰ্বে এই কথাৰে ইংগিত দিলে প্ৰাক্তন বিশ্বচেম্পিয়ন খেলুৱৈগৰাকীয়ে ৷ আগন্তুক টকিঅ’ অলিম্পিকত পদক লাভ কৰি বক্সিং কেৰিয়াৰৰ পৰা অব্যাহতি লোৱাৰ ইংগিত দিছে খেলুৱৈগৰাকীয়ে ৷

সৰীতা দেৱী

আন্তঃৰাষ্ট্ৰীয় বক্সিং কেৰিয়াৰত সৰীতা দেৱীৰ নামত আছে বিশ্ব চেম্পিয়নশ্বিপত তিনিটাকৈ ৷ য’ত আছে এটাকৈ সোণৰ পদক ৷ 2006 চনত সোণৰ পদক লাভ কৰাৰ বিপৰীতে 2005 আৰু 2008 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ আনহাতে এছিয়ান চেম্পিয়নশ্বিপত আছে পাঁচটাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷ ইফালে 2014ৰ এছিয়ান গেমছত ব্ৰঞ্জ আৰু 2014 ৰ কমনৱেলথ গেমছত ৰূপক পদক লাভ কৰিছিল সৰীতা দেৱীয়ে ৷

উল্লেখ্য যে,মণিপুৰৰ এই প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে বৰ্তমান লৈকে অলিম্পিকত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো পদক ৷ যাৰ বাবে এইবাৰ পদক লাভ কৰি বিদায় লোৱাৰ যথোপযুক্ত চেষ্টা চলাব খেলুৱৈগৰাকীয়ে ৷

সৰীতাই কয়,

‘‘মই এটা কাৰণেই বক্সিং খেলিবলৈ বন্ধ কৰা নাই সেইটো হৈছে অলিম্পিকত পদক লাভ ৷ মই যিবোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো, পদক লাভ কৰিবলৈ সক্ষম হৈছো ৷ মোৰ তাত কেৱল এতিয়া অলিম্পিকত পদক নাই আৰু এইবাৰ মই এইটো অৰ্জন কৰিবলৈ যথেষ্ট আগ্ৰহী ৷ ’’

আনহাতে সন্ন্যাসৰ প্ৰশ্নৰ উত্তৰত খেলুৱৈগৰাকীয়ে কয়,মই এতিয়া একো ক’ব নোৱাৰো ৷ টকিঅ’ অলিম্পিকৰ পাচত মই মোৰ কেৰিয়াৰক লৈ সিদ্ধান্ত গ্ৰহণ কৰিম ৷

লগতে চাওকঃ ভাৰতীয় নৌ-সেনাত সংযোজিত হ'ল আই এন এছ খান্দেৰী

ABOUT THE AUTHOR

...view details