পাঠশালা,23 জানুৱাৰী :শনিবাৰে গুৱাহাটীৰ হোটেল লেণ্ড মাৰ্কত অনুষ্ঠিত হৈ যায় অসম শৰীৰ চৰ্চা আৰু ফিটনেছ এশ্বচিয়েশ্বৰ বাৰ্ষিক সাধাৰণ সভা ৷ এই সভাতেই ২০২১চনৰ পৰা ২০২৫ চনলৈ কাৰ্যনিৰ্বাহক কমিটীখন গঠন কৰা হয় ৷ যোৰহাটৰ প্ৰশান্ত বৰাক সভাপতি আৰু বজালীৰ হিমাংশু কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২৭ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় । কাৰ্যকৰী সভাপতি হিচাপে শোণিতপুৰৰ পংকজ বৰা আৰু মনোজ আদিত্য বড়োই কোষাধ্যক্ষ নিযুক্ত হৈছে ৷
লগতে পঢ়ক :কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম
ভাৰত চৰকাৰৰ খেলৰ নীতি অনুসৰি, বিগত 7 জানুৱাৰীতে মনোনয়ন দাখিল কৰিছিল কলিতাই ৷ ৰিটাৰ্ণি বিষয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল থানেশ্বৰ শৰ্মাৰ নেতৃত্বত ভোট অনুষ্ঠিত হৈছিল আৰু প্ৰতিটো পদত এজনতকৈ অধিক প্ৰাৰ্থী নথকা বাবে নিৰ্বাচন অনুষ্ঠিত নহ’ল বুলি জানিবলৈ দিয়ে হিমাংশু কলিতাই ৷ অৰ্থাৎ ভোট অবিহনেই এককভাৱে বিজয়ী হয় হিমাংশু কলিতাৰ লগতে অন্যান্য পদাধিকাৰীসকল ৷
বজালীৰ সন্তান হিমাংশু কলিতা মানৱ দৰদী হিমাংশু কলিতাই এই সন্মানীয় পদ লাভ কৰি অসমৰ ক্ৰিয়া জগতৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা ল'ব বুলি আশাবাদী বজালীবাসী ৷ হিমাংশু কলিতাৰ এই যাত্ৰাক শুভেচ্ছা জনাইছে বজালী বাসীয়ে ৷
লগতে পঢ়ক :বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা