অসম

assam

ETV Bharat / sports

ড’প টেষ্টত দোষী এথলিট গ’মাথী মাৰিমুথু

নিচা জাতীয় সামগ্ৰী সেৱনত দোষী সাব্যস্ত দোহা এছিয়ান গেমছৰ 800 মিটাৰ দৌৰত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলিট গ’মাথী মাৰিমুথু ৷

ড’প টেষ্টত দোষী এথলিট গ’মাথী মাৰিমুথু

By

Published : May 22, 2019, 4:31 AM IST

স্পৰ্টছ ডেস্ক, 22 মে’:ড’প টেষ্টত বিফল বিগত মাহত দোহা এছিয়ান গেমছৰ 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা গ’মাথী মাৰিমুথু ৷ গ’মাথীৰ মাৰিমুথুৰ ডোপিং টেষ্টৰ নমুনাত ‘‘Norandrosterone’’ নামৰ নিচা জাতীয় পদাৰ্থ পোৱা গৈছে ৷ যাৰ বাবে অস্থায়ী ৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে খেলুৱৈগৰাকীৰ ওপৰত ৷

ড’প টেষ্টত দোষী এথলিট গ’মাথী মাৰিমুথু

পাটিয়ালত 13 ৰ পৰা 15 মাৰ্চ লৈ চলা ফেডাৰেচন কাপৰ সময়ত ৰাষ্ট্ৰীয় এন্টি-ডপিং এজেন্সি চমুকৈ নাডাই খেলুৱৈগৰাকীৰ লোৱা প্ৰস্ৰাৱৰ নমুনাত উক্ত পদাৰ্থটো উপস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে, এতিয়া 4 বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে ভাৰতীয় এথিলেট গৰাকী ৷ আনহাতে এই ঘটনাৰ পিচতেই খেলুৱৈগৰাকীৰ পদকো ওভতাই লোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

ABOUT THE AUTHOR

...view details