স্পৰ্টছ ডেস্ক, 27 আগষ্ট : ইণ্ডিয়ান ছুপাৰ লীগে (ISL) মঙলবাৰে ঘোষণা কৰে যে,ষষ্ঠতম সংস্কৰণৰ পৰা এক নতুন দল হায়দৰাবাদ ফুটবল ক্লাৱে অংশগ্ৰহণ কৰিব ৷ এই দলটোৰ স্বত্বাধিকাৰ হৈছে বিজয় মাদ্দুৰী আৰু বৰুণ ত্ৰিপুৰানেনী ৷
তেলেংগানাৰ ফুটবলৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ আশা প্ৰকাশ কৰিছে বিজয় মাদ্দুৰীয়ে ৷ আনহাতে,দলটোৰ স্বত্বাধিকাৰী হোৱাৰ সুযোগ লাভ কৰাৰ বাবেও গৌৰৱাম্বিত বুলি মন্তব্য কৰে তেওঁ ৷ লগতে তেওঁ কয় যে,ক্ৰীড়া তেওঁৰ ৰক্তত প্ৰৱাহিত হৈ আছে আৰু এই ক্ষেত্ৰত অৰিহণা যোগাবলৈ পাই তেওঁ যথেষ্ট সুখী ৷