স্পৰ্টছ ডেস্ক, ১৯ অক্টোবৰ :চলিত বিশ্বকাপত লীগ পৰ্যায়ৰ চাৰিখনখন মেচত একেৰাহে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলে ৷ বৃহস্পতিবাৰে পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত বিৰাট কোহলিৰ শতকেৰে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত সহজে বিজয় সাব্যস্ত কৰে ৷
257 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি 3 উইকেটৰ বিনিময়ত 261 ৰাণ সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয় ৷ আৰম্ভণিতেই ভাৰতে অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক বেটিঙৰ সহায়ত শক্তিশালী স্থিতিত উপনীত হয় ৷ ৰোহিত শৰ্মাই স্বভাৱ সুলভ বিস্ফোৰক বেটিঙেৰে 40 টা বলত 48 ৰাণ সংগ্ৰহ কৰে ৷ 7 টা চাৰি আৰু 2 টা বিশাল ছয়ৰে ৰোহিত শৰ্মাই 48 ৰাণ সংগ্ৰহ কৰি হাছান মাহমুদৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ আনহাতে শুভমন গীলে 5 টা চাৰি আৰু 2 টা ছয়ৰে 55 টা বলত 53 ৰাণ সংগ্ৰহ কৰি মেহদি হাছানৰ বলত পেভিলিয়নমুখী হয় ৷
ইয়াৰ পাছতেই তাৰকা বেটছমেন বিৰাট কোহলি আৰু কে.এল. ৰাহুলে দলক বিজয় লক্ষ্যত উপনীত কৰায় ৷ বিৰাট কোহলীয়ে 41.3 অভাৰত এটা বিশাল ছয়ৰে দলক বিজয়ৰ সোৱাদ দিয়াৰ লগতে শতৰাণ সম্পূৰ্ণ কৰে ৷ কোহলীয়ে 97 টা বলত 103 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে ৷ কোহলিয়ে 6 টা চাৰি আৰু 4 টা ছয়ৰে নিজৰ শতৰাণ সম্পূৰ্ণ কৰে ৷ কে.এল. ৰাহুলে 34 টা বলত 34 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ বাংলাদেশৰ হৈ মেহদি হাছান মিৰ্জাই 2 টা উইকেট দখল কৰাৰ বিপৰীতে হাছান মাহমুদে 1 টা উইকেট দখল কৰে ৷
ইফালে বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্তৰে ক্ৰীজত নামে । বাংলাদেশে নিৰ্ধিত ৫০ অভাৰত ৮ উইকেটত ২৫৬ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ বাবে ক্ৰমাগত চতুৰ্থখন মেচত জয়লাভৰ বাবে এতিয়া বিজয় লক্ষ্য ২৫৭ ৰাণৰ ।
প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা বাংলাদেশৰ আৰম্ভণি অতি সুন্দৰ আছিল । দুয়োগৰাকী অপেনাৰে সুন্দৰভাৱে খেলি প্ৰাৰম্ভিক উইকেটত দলৰ ৰাণৰ ভেটি সুদৃঢ় কৰে । অপেনাৰ তানজিদ হাচানে ৪৩ বলত ৫১ ৰাণ সংগ্ৰহ কৰে । আনহাতে, লিটন দাসে ৮২ ৰাণত ৬৬ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে আৰম্ভণি সুন্দৰ হ'লেও ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱে প্ৰথমটো আঘাত হানে বাংলাদেশৰ শিবিৰত । ইয়াৰ পিছতে ভাৰতীয় বলাৰসকল নিজৰ গতিলৈ উভতি আহে ।