স্পৰ্টছ ডেস্ক, ২২ অক্টোবৰ: ওমানৰ আল এমেৰাট ক্ৰিকেট গ্ৰাউণ্ডত(মিনিষ্ট্ৰি টাৰ্ফ ১) অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বৃহস্পতিবাৰৰ খেলখনত ৮ টা উইকেটত ওমানক পৰাস্ত কৰে স্কটলেণ্ডে । এই জয়ৰ লগে লগে স্কটলেণ্ডে চুপাৰ ১২ত নিজৰ স্থান নিশ্চিত কৰে । ইতিমধ্যে বাংলাদেশেও চুপাৰ ১২ত স্থান নিশ্চিত কৰিছে । গ্ৰুপ বি-ৰ শীৰ্ষস্থানত থকাৰ ফলশ্ৰুতিতে স্কটলেণ্ডে পাকিস্তান, নিউজিলেণ্ড আৰু আফগানিস্তানৰ সৈতে ভাৰতৰ গোটত যোগদান কৰিব । আনহাতে, বাংলাদেশে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ গ্ৰুপটোত যোগদান কৰিব ।
স্কটলেণ্ডৰ অপেনাৰ জৰ্জ মুনছে আৰু কাইল কোয়েৎজাৰে খেলৰ আৰম্ভণি কৰে । পঞ্চম অভাৰত ফৈয়াজ বাটে জৰ্জ মুনছেৰ উউকেট লাভ কৰে । ইয়াৰ পাচত মেথিউ ক্ৰছে কোয়েৎজাৰক সংগ দিয়ে । স্কটলেণ্ডক জয়ৰ দিশে আগবঢ়াই নিয়াৰ বাবে প্ৰদৰ্শন আগবঢ়াইছিল দুয়োগৰাকী খেলুৱৈয়ে ।
দুয়োজন বেটছমেনে ৪২ ৰান সংগ্ৰহ কৰিছিল । কিন্তু লক্ষ্যত উপনীত হ'বলৈ ৪৮ ৰান সংগ্ৰহ কৰিবলৈ বাকী থাকোঁতেই দশম অভাৰত কোয়েৎজাৰে খেলপথাৰ এৰিবলগীয়া হয় ।