ETV Bharat Assam

অসম

assam

ETV Bharat / sports

India Tour to West Indies : মহম্মদ চিৰাজে আক্ৰমণৰ নেতৃত্ব দিছে; ৰোহিত শৰ্মা - Md Siraj maiden man of the match in test cricket

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১-০ ব্যৱধানত শৃংখলা জয়ৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই মহম্মদ চিৰাজক বলিং আক্ৰমণৰ নেতৃত্ব দিয়াৰ বাবে প্ৰশংসা কৰে । "প্ৰতিটো বিজয় পৃথক । ৱেষ্ট ইণ্ডিজত খেলাটো নিজে এক প্ৰত্যাহ্বান । শৃংখলা যেনেধৰণে আগবাঢ়িছে তাত সুখী ।" ৰোহিতে কয় ।

India Tour to West Indies
India Tour to West Indies
author img

By

Published : Jul 25, 2023, 4:24 PM IST

স্পৰ্টছ ডেস্ক, ২৫ জুলাই :ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলে চলিত টেষ্ট শৃংখলা ১-০ ব্যৱধানত দখল কৰিছে । টেষ্ট শৃংখলা জয়ৰ পিছত অধিনায়ক ৰোহিত শৰ্মাই কয় যে ভাৰতীয় দলটো সঠিক স্থানত আছে আৰু জ্যেষ্ঠ পেচাৰৰ অনুপস্থিতিতো দলক সুন্দৰভাৱে আগবঢ়াই নিয়াৰ বাবে মহম্মদ চিৰাজক প্ৰশংসা কৰে । চিৰাজে দ্বিতীয় টেষ্টত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৬০ ৰাণৰ বিনিময়ত ৫ টা উইকেট দখল কৰে । এই প্ৰদৰ্শনৰ বাবেই তেওঁ পাঁচদিনীয়া ক্ৰিকেটত প্ৰথমটো 'মেন অব দ্য মেচ' বঁটা লাভ কৰে । উল্লেখ্য, কুইন্স পাৰ্ক অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টখনতো ভাৰতে জয়ৰ দুৱাৰদলিত উপনীত হৈও বিমুখ হ'বলগা হয় । মেচখনৰ পঞ্চম তথা অন্তিম দিনৰ খেল নিৰন্তৰ বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱাত মেচখন অমীমাংসিতভাৱে সমাপ্ত হয় ।

বলিং সহায়ক উইকেটত ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে দ্বিতীয় ইনিংছত প্ৰয়োজন আছিল ৩৬৫ ৰাণৰ । এই লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে চতুৰ্থদিনাৰ খেলৰ সমাপ্তিত দুই উইকেটত ৭৬ ৰাণ সংগ্ৰহ কৰে । "আমি সঠিক স্থানত আছোঁ । সকলো ভালদৰেই সম্পন্ন হৈছে ।" ৰোহিতে বঁটা প্ৰদান অনুষ্ঠানত কয় । চিৰাজে পেচ আক্ৰমণৰ নেতৃত্ব দিবলৈ সাজু নেকি বুলি সোধাত ৰোহিতে কয় যে তেওঁ মুখ্য ভূমিকা পালন কৰিবলৈ কেৱল এজন বলাৰ বিচাৰি থকা নাই ।

"চিৰাজক মই ওচৰৰ পৰা লক্ষ্য কৰি আছোঁ । তেওঁ বহু ডাঙৰ পদক্ষেপ লৈছে । তেওঁ এই আক্ৰমণৰ নেতৃত্ব দিছে । মই নিবিচাৰোঁ যে কোনোবা এজনে আক্ৰমণৰ নেতৃত্ব দিয়ক । মই বিচাৰোঁ যে সকলোৱে নেতৃত্ব দিয়ক, যেতিয়াই তেওঁলোকৰ হাতত বল থাকে ।" তেওঁ কয় । বৰষুণে ভাৰতৰ জয়ৰ সম্ভাৱনীয়তাক মষিমূৰ কৰিলে নেকি বুলি সোধাত ৰোহিতে কয় যে তেওঁৰ দলটো আশাবাদী হৈ আছিল । কিয়নো আয়োজকসকলে এনে এখন পিটছত শেষত বেটিং কৰিবলগা হৈছিল, য'ত বেটিং কৰাটো বৰ কঠিন আছিল ।

"প্ৰতিটো বিজয়ে পৃথক । ৱেষ্ট ইণ্ডিজত খেলাটো নিজেই এক প্ৰত্যাহ্বান । কিন্তু খেল যেনেধৰণে গৈছে তাত সুখী । আমি ইয়াত এটা ভাল আশা কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমি আজি কোনো খেল খেলিব নোৱাৰিলোঁ । আমি প্ৰকৃততে কালি এক ইতিবাচক মনোভাবেৰে খেলপথাৰৰ পৰা বাহিৰলৈ গৈছিলোঁ ।" তেওঁ কয় । "বৰষুণেই দিলে অন্তিম সিদ্ধান্তটো । আমি যথেষ্ট আত্মবিশ্বাসী আছিলোঁ । আপোনালোকে জানে যে শেষত বেটিং কৰাটো কিমান কঠিন । আমি সদায় তেনে ধৰণৰ স্ক'ৰ বিচাৰিছিলোঁ, যাৰ দ্বাৰা আমি বিপক্ষক শ'লঠেকত পেলাব পাৰোঁ । পিটছত বেটাৰক সহায় কৰিব পৰা বিশেষ একো নাছিল । কিন্তু আজি কোনো খেল খেলিব নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক ।"

আনহাতে, ভাৰতীয় অধিনায়কজনে শতক অৰ্জন কৰা বিৰাট কোহলী আৰু ঈশান কিষাণৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে । ঈশানে ইনিংছ ঘোষণা কৰাৰ পূৰ্বে দ্বিতীয় ইনিংছত ৩৪ বলত ৫২ ৰাণৰ ইনিংছটোক প্ৰশংসা কৰে ৰোহিতে । "আমাক ঈশানৰ দৰে খেলুৱৈৰ প্ৰয়োজন । আমি দ্ৰুত ৰাণ বিচাৰিছিলোঁ, আমি তেওঁক সেই বাবে বেটিং অৰ্ডাৰত উন্নীত কৰিছিলোঁ, তেওঁ ভয় কৰা নাছিল । তেওঁ প্ৰথমবাৰৰ বাবে টেষ্টত অৰ্ধশতক কৰে । টেষ্ট মেচবোৰত আমাক এনে খেলুৱৈ প্ৰয়োজন যিয়ে বিৰাটৰ দৰে ইনিংছটোক স্থিৰতা প্ৰদান কৰে, তেওঁ সুন্দৰ খেলিছিল। আমাক সকলোবোৰৰে মিশ্ৰণৰ প্ৰয়োজন । আমাৰ গভীৰতা আছে, আমাৰ বিভিন্নতা আছে ।" ৰোহিত শৰ্মাই কয় ।

ইফালে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীৰ দৰে বলাৰ লগত নাথাকিলেও চিৰাজে কয় যে তেওঁ কেতিয়াও কোনো ধৰণৰ চাপত নাছিল । "টেষ্টত এয়া মোৰ প্ৰথম 'প্লেয়াৰ অব দ্য মেচ' বঁটা, ইয়াত মই অতি আনন্দিত । পেচাৰসকলৰ বাবে বিশেষ সহায় নাছিল । মই মোৰ পৰিকল্পনাবোৰ সৰল আৰু কাৰ্যকৰী কৰি ৰাখিছিলোঁ । যেতিয়া আপুনি এনে পৰিস্থিতিত উইকেট লয়, আপুনি যথেষ্ট আত্মবিশ্বাস লাভ কৰে । ৰোহিত ভায়ে মোক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছিল, কোনো চাপ নল'বলৈ আৰু উপভোগ কৰিবলৈ কৈছিল ।" চিৰাজে কয় ।

উল্লেখ্য যে ডমিনিকাত অনুষ্ঠিত প্ৰথম টেষ্টত তিনিদিনৰ ভিতৰত ঘৰটো দলটোৱে আত্মসমৰ্পণ কৰিছিল । আনহাতে, দ্বিতীয় টেষ্টত ভাৰতৰ প্ৰথম ইনিংছৰ মুঠ ৪৩৮ ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২৫৫ ৰাণতে ইনিংছ সামৰে । আনহাতে, দ্বিতীয় ইনিংছত ভাৰতে দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰি ২৪ অ'ভাৰত দুটা উইকেটৰ বিনিময়ত ১৮১ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক :National Taekwondo Championship: ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তিনিটাকৈ সোণৰ পদক আঁজুৰিলে তিনি অসম সন্তানে

ABOUT THE AUTHOR

...view details