অসম

assam

হাস্পতালৰ পৰা অব্যাহতি মুথিয়া মুৰুলীধৰণক

এঞ্জিঅ'প্লাষ্টিৰ পিছত বৰ্তমান সুস্থ আন্তৰ্জাতিক ক্ৰিকেটত উইকেট সংগ্ৰহৰে অভিলেখ ৰচা মুথিয়া মুৰুলীধৰণ । সোমবাৰে তেওঁক চিকিৎসকে হাস্পতালৰ পৰা যাবলৈ অনুমতি দিয়ে । ৭ দিন কোৱাৰেণ্টাইনত থকাৰ পিছত তেওঁ পুনৰ ছানৰাইজাৰ্ছ হায়দৰাবাদত যোগদান কৰিব বুলি জানিব পৰা গৈছে ।

By

Published : Apr 19, 2021, 8:37 PM IST

Published : Apr 19, 2021, 8:37 PM IST

মুথিয়া মুৰুলীধৰণ
মুথিয়া মুৰুলীধৰণ

স্পৰ্টছ ডেস্ক, ১৯ এপ্ৰিল: শ্ৰীলংকাৰ ক্ৰিকেটাৰ মুথিয়া মুৰুলীধৰণক সোমবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । দেওবাৰে চেন্নাইৰ এপ’ল’ হাস্পতালত প্ৰাক্তন স্পীনাৰ বলাৰগৰাকীৰ ক'ৰ'ণেৰেী এঞ্জিঅ'প্লাষ্টি সম্পন্ন হৈছিল । এপ'ল' হাস্পতাল কৰ্তৃপক্ষই এক বিজ্ঞপ্তিযোগে জনোৱা মতে, হৃদৰোগ বিশেষজ্ঞ ডাঃ জি চেংগটুৱেলুৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় ।

শীঘ্ৰে তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিব বুলি জানিবলৈ দিয়ে এপ'ল' হাস্পতাল কৰ্তৃপক্ষই । চলিত আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষকৰ দলত থকা মুৰুলীধৰণক দেওবাৰে হৃদযন্ত্ৰৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এতিয়াৰে পৰা মুৰুলীধৰণে ৭ দিনৰ বাবে বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগিব ৷ তাৰ পিছতে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত যোগদান কৰিব ।

মুৰুলীধৰণে শ্ৰীলংকাৰ হৈ ১৩৩ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ১২ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰতিনিধিত্ব কৰিছিল । তেওঁ ৮০০ টা টেষ্ট উইকেট দখল কৰিছিল । আনহাতে, এদিনীয়াত ৫৩৪ টা আৰু টি-20 আন্তৰ্জাতিক খেলত ১৩টা উইকেট দখল কৰিছিল । তেওঁ ১৯৯৬ চনত শ্ৰীলংকাৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ অন্যতম অংশ আছিল । ২০১৫ চনৰ পৰাই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং প্ৰশিক্ষক আৰু পৰামৰ্শদাতা হিচাপে আছে শ্ৰীলংকান স্পীনাৰ গৰাকী ।

লগতে পঢ়ক: ফুটবল অলিম্পিয়ান আহমেদ হুছেইনৰ ৮৯ বছৰ বয়সত মৃত্যু

ABOUT THE AUTHOR

...view details