অসম

assam

By

Published : Oct 14, 2020, 4:37 PM IST

ETV Bharat / sports

CSKৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা এম.এছ ধোনীৰ

চেন্নাই চুপাৰ কিংছৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা দলটোৰ কেপ্তেইন এম.এছ ধোনীৰ । মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে হোৱা মেচত অ'পেনাৰ ফাফ ডু প্লেছিছৰ সৈতে অ'পেনিং কৰি ২১ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰাৰ লগতে চানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰৰ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয় চেম কৰণে ।

IPL 2020: Sam Curran is a complete cricketer for us, says MS Dhoni
CSKৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা এম.এছ ধোনীৰ

স্প'ৰ্টছ ডেস্ক,১৪ অক্টোবৰ: মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে হোৱা মেচত ২০ ৰাণত জয়লাভ কৰাৰ পাচত চেন্নাই চুপাৰ কিংছৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা দলটোৰ কেপ্তেইন এম.এছ ধোনীৰ । ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত হোৱা এই মেচখনত অ'পেনাৰ ফাফ ডু প্লেছিছৰ সৈতে অ'পেনিং কৰি ২১ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে কৰণে ।

আনহাতে বলিঙত ৩ অভাৰত ১৮ ৰাণৰ সৈতে চানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰৰ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয় চেম কৰণে ।

মেচখনৰ অন্তত এম.এছ ধোনীয়ে চেম কৰণৰ প্ৰশংসা কৰি কয় যে,"কৰণ আমাৰ বাবে এক অল ৰাউণ্ডাৰ । তেওঁ বলিং কৰাৰ লগতে বেটিঙো কৰিব পাৰে । তেওঁ আমাক ১৫-৪০ ৰাণ দিব পাৰে । এগৰাকী ভাল বাঁওহতীয়া পেচাৰক সদায় লগত ৰখা উচিত" ।

লগতে তেওঁ কয় যে,"টুৰ্ণামেণ্টখন আগুৱাই গৈ থকাৰ লগে লগে আমাক ডেথ বলিঙৰ প্ৰয়োজন হ'ব । সেইবাবে ব্ৰাভো আৰু ঠাকুৰক শেষ অভাৰলৈ ৰখা হৈছে" ।

লগতে পঢ়ক:দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব ষ্টেচ্যু অৱ ইউনিটি

ABOUT THE AUTHOR

...view details