অসম

assam

ETV Bharat / sports

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

প্লে অফৰ স্থান জীৱিত ৰখাৰ মৰণপন যুঁজত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ । পৰাজয়ে প্লে অফৰ পথ ৰুদ্ধ কৰিব পাৰে ছানৰাইজাৰ্ছৰ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

By

Published : May 4, 2019, 5:09 PM IST

স্পৰ্টছ ডেস্ক, ৪ এপ্ৰিলঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ ৫৪ সংখ্যক মেচত আজি মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । প্লে অফৰ স্থান জীৱিত ৰখাৰ লক্ষ্যৰে বেংগালুৰুৰ বিৰুদ্ধে যুঁজত নামিব ছানৰাইজাৰ্ছ হায়দৰাবাদ দলটো ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

হায়দৰাবাদে বৰ্তমান লৈকে নিজৰ ১৩ খন মেচত মুঠ ১২ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে । ইপিনে কলকাতা নাইট ৰাইডাৰ্ছো ১৩ খন মেচত ১২ পইণ্টৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা

গতিকে নেট ৰান ৰেটৰে হায়দৰাবাদে আজিৰ মেচখনত বৃহৎ জয় লাভৰ চেষ্টা চলাব । আনহাতে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা বেংগালুৰু দলটোৰ লক্ষ্য হ'ব অন্তিমখন মেচত জয় লাভ কৰা । গতিকে হায়দৰাবাদ দলটোৰ দৃষ্টিৰে আজিৰ মেচখন হ'ব অত্যাধিক গুৰুত্বপূৰ্ণ ।

ABOUT THE AUTHOR

...view details