স্পৰ্টছ ডেস্ক,19 জানুৱাৰী: গাব্বাত ভাৰতৰ ঐতিহাসিক বিজয়ে ভাৰতক আইচিচি টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত কৰিলে ৷ 118.44 পইন্টেৰে এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড ৷ আনহাতে, আজিৰ বিজয়ৰ পিছতেই 117.65 পইন্টেৰে দ্বিতীয় স্থানত অধিষ্ঠিত হয় ভাৰত আৰু 113 পইন্টেৰে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া ৷
আইচিচিয়ে টুইটযোগে কয়,"ভাৰতে অষ্ট্ৰেলিয়াক পিছ পেলাই @এমআৰএফৰ বিশ্বজুৰি আই চি চিৰ টেষ্টৰ দলৰ ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়" এই ঐতিহাসিক বিজয়ৰ বাবে ভাৰতক 32 বছৰ 2 মাহৰ প্ৰয়োজন হ’ল ৷ কিন্তু অৱশেষত মঙলবাৰে আঘাতত জৰ্জৰিত ভাৰতীয় দলটোৱে এই অকল্পনীয় কথাটো সঁচা প্ৰমাণিত কৰি দিলে ৷ ভাৰতে অষ্ট্ৰেলিয়াক শৃংখলাত 2-1ত পৰাস্ত কৰে ৷