স্পৰ্টছ ডেস্ক, ১০ অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ অষ্টমখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৪৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৪ উইকেট হেৰুৱাই পাকিস্তানে বিজয় সাব্যস্ত কৰিলে ৷ উত্তেজনাপূৰ্ণ খেলখনত আব্দুল্লা শ্বাফিক আৰু মহম্মদ ৰিজৱানে দলক বিজয়ৰ সোৱাদ দিয়ে । লগতে ২০১১ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বোচ্চ মুঠ ৰাণ অনুসৰণ কৰি জয়ী হোৱা দল হিচাপে পৰিগণিত হয় পাকিস্তান ।
শ্ৰীলংকাই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৩৪৪ ৰাণ সংগ্ৰহ কৰে । শ্ৰীলংকাৰ হৈ উইকেটৰক্ষক বেটছমেন ৭৭ বলত ১২২ ৰাণৰ এক বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে । এইটো হৈছে বিশ্বকাপত তেওঁৰ প্ৰথম শতক ।
আনহাতে, সাদিৰা সামাৰাবিক্ৰমায়েও শতক অৰ্জন কৰে । তেওঁ ৮৯ বলত ১০৮ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে । পাথুম নিশাকাংই ৫১ ৰাণ কৰি আউট হয় । এটা সময়ত শ্ৰীলংকাই ৪০০ ৰাণৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনাই দেখা দিছিল যদিও ৪০ অভাৰ পিছত পাকিস্তানী বলাৰে ছন্দ ঘূৰাই পায় । যাৰ ফলত নিয়মিত অন্তৰালত শ্ৰীলংকাৰ উইকেটৰ পতন ঘটিবলৈ আৰম্ভ কৰে আৰু ৰাণৰ গতিত গতিৰোধক লাগে । যাৰ ফলত সিংহলা বাহিনীৰ ইনিংছ ৩৪৪ ৰাণৰ পৰা আগবাঢ়িব নোৱাৰিলে ।
আনহাতে, পাকিস্তানৰ সফল বলাৰ হৈছে হাচান আলী । হাচান আলীয়ে নিজৰ ১০ অভাৰৰ কোটাত ৭১ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । হাৰিছ ৰৌফে দুটা উইকেট দখল কৰে ।