অসম

assam

ETV Bharat / sports

যুযুধান অষ্ট্ৰেলিয়াঃ ষ্টিভ স্মিথৰ অৰ্ধশতক

আজি বাৰ্মিংহামত অনুষ্ঠিত হৈছে 2019 বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল মেচ ৷ মুখামুখি হৈছে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড ৷

By

Published : Jul 11, 2019, 6:19 PM IST

ষ্টিভ স্মিথৰ অৰ্ধশতক

স্পৰ্টছ ডেস্ক, 11 জুলাইঃইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন ছেমিফাইনেলত প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথৰ সংঘৰ্ষপূৰ্ণ অৰ্ধশতক ৷ ইংলেণ্ডৰ দুৰ্দান্ত বলিঙৰ আগত মাত্ৰ 14 ৰানতেই প্ৰাৰম্ভিক তিনিটা উইকেটৰ পতনৰ পিচত স্মিথ আৰু এলেক্স কেৰীৰ গুৰুত্বপূৰ্ণ সহযোগিতা ৷ অধিনায়ক এৰণ ফিন্স 0, ডেভিদ ৱাৰ্ণাৰ 9, পিটাৰ হেণ্ডছকম্ব 4 ৰান কৰি পেভিলিয়নমুখী হয় ৷

অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড

ইয়াৰ পাচতেই স্মিথ আৰু কেৰীয়ে দলটোৰ স্কৰ 100 ৰানৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় যদিও 46 ৰানত আদিল ৰাছিদৰ বলত আউট হয় কেৰী ৷ ইয়াৰ মাজতে স্মিথে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে কেৰীৰ পেভিলিয়নমুখী হোৱাৰ পাচতে স্মিথক সংগ দিবলৈ অহা মাৰ্কাছ ষ্টইনিছে অধিক সময় ক্ৰীছত বৰ্তি থাকিব নোৱাৰি শূণ্য ৰানত পেভিলিয়নলৈ উভতে ৷ বৰ্তমান স্মিথৰ সৈতে ক্ৰীছত আছে গ্লেন মেক্সৱেল ৷ দলটোৱে 33 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 144 ৰান ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছ আৰু আদিল ৰাছিদে 2-2 টা উইকেট দখল কৰিছে ৷ আনহাতে 1 টা উইকেট লাভ কৰিছে জফ্ৰা আৰ্ছাৰে ৷

উল্লেখ্য যে, বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে ইংলেণ্ড ৷ বাৰ্মিংহামত ফাইনেলৰ টিকট সুনিশ্চিত কৰাৰ লক্ষ্যৰে নামিছে ইংলেণ্ডৰ মৰ্গান বাহিনীৰ লগতে ফিন্স বাহিনী ৷ টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে ভাৰতক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিছে নিউজিলেণ্ডে ৷

ABOUT THE AUTHOR

...view details