অসম

assam

ETV Bharat / sports

নীলা পৰ্বতমালাৰ দৰেই নীলা হ’ব মেলবৰ্ণঃ নৰেন্দ্ৰ মোদী

মহিলা টি20 বিশ্বকাপৰ বাবে দুয়োদেশৰ প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিলে দুয়োটা দলক ৷ টুইটাৰত দুয়োদেশৰ প্ৰধানমন্ত্ৰীৰ ৰসাল বাৰ্তালাপ ৷

By

Published : Mar 8, 2020, 12:55 PM IST

Women's T20 WC: PM Modi extends wishes to India women's team ahead of final
বিশ্বকাপ ফাইনেলক লৈ দুই দেশৰ প্ৰধানমন্ত্ৰীৰ টুইট

নিউজ ডেস্ক , 8 মাৰ্চঃ দেওবাৰে অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মহিলা T20 বিশ্বকাপৰ ফাইনেল মেচ ৷ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে মেচখন ৷ উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে মহিলা T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে ৷

বিশ্বকাপ ফাইনেলক লৈ দুই দেশৰ প্ৰধানমন্ত্ৰীৰ টুইট

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ফাইনেল মেচক লৈ দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত টুইটাৰযোগে চলিল এক ৰসাল আৰু আকৰ্ষণীয় বাৰ্তালাপ ৷ অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি এক টুইটযোগে কয় যে, বিশ্বৰ দুটা দুৰ্দান্ত দল মুখামুখি হ’বলৈ গৈ আছে ৷ সকলোৱে এটা ৰোমাঞ্চকৰ নিশা আৰু উত্তেজনাপূৰ্ণ খেল উপভোগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰতিযোগিতাৰখনৰ বাবে অষ্ট্ৰেলিয়া সম্পূৰ্ণৰূপে সাজু বুলিও মন্তব্য কৰে স্কট মৰিছনে ৷

বিশ্বকাপ ফাইনেলক লৈ দুই দেশৰ প্ৰধানমন্ত্ৰীৰ টুইট

আয়োজক দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কট মৰিছনক সম্বোধন কৰি কয় যে, দেওবাৰৰ দিনটোৰ বাবে নিশ্চিতভাৱে ইয়াতকৈ বিশেষ একো থাকিব নোৱাৰে ৷ দুয়োটা দলৰ লগতে আন্তঃজাতিক নাৰী দিৱসৰো শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শ্ৰেষ্ঠ দলটোৱেই জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে , দেওবাৰে মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়াম নীলা হৈ পৰিব , ঠিক নীলা পৰ্বতমালাৰ দৰে ৷

লগতে পঢ়কঃসংস্কৃতিৰ নিৰৱ সাধক টীয়কৰ গায়ত্ৰী গোস্বামীৰ কথাৰে

ABOUT THE AUTHOR

...view details