স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ:আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ সমগ্ৰ ভাৰতে পালন কৰা হৈছে দীপাৱলী ৷ ভাৰতীয় ক্ৰীড়াজগতৰ খেলুৱৈৰ লগতে বিদেশী খেলুৱৈৰ পৰাও আহিল দেৱালীৰ শুভেচ্ছা ৷ নিজৰ নিজৰ ছ’চিয়েল মিডিয়াত শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈ সকলে ৷ এই তালিকাত আছে শচীন তেণ্ডুলকাৰ, বিৰেন্দ্ৰ ছেহৱাগ, অনিল কুম্বলে, চেতেশ্বৰ পূজাৰা, শিখৰ ধাৱন, ভি.ভি এছ লক্ষ্মণ, কিদাম্বী শ্ৰীকান্ত, বজৰং পুনীয়া, চাইনা নেহৱাল, ছানিয়া মিৰ্জাৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৷
শচীন তেণ্ডুলকাৰে এক ভিডিঅ’ শ্বেয়াৰ কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি প’ষ্ট কৰে আপোনালোকৰ পথ সদায় আকৰ্ষণীয় আৰু ৰোমাঞ্চক হৈ থাকক, সকলোৰে জীৱন সুখময়, প্ৰেম আৰু উজ্জ্বলেৰে ভৰি পৰক ৷ সকলোৱে উলহ মালহেৰে পালন কৰক দেৱালী ৷
ভাৰতৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও সকলোকে দেৱালীৰ শুভকামনা জ্ঞাপন কৰে ৷
ভাৰতীয় খেলুৱৈৰ লগতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ, প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথ, ক্ৰীছ গেইল আৰু শ্বেলডন কটট্ৰেইলো ভাৰতবাসীক দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
ভাৰতীয় ক্ৰিকেটাৰৰ লগতে বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালও সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
অনিল কুম্বলেৰ টুইট-