অসম

assam

By

Published : Jul 10, 2020, 6:06 PM IST

ETV Bharat / sports

স্পিনাৰক বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ নতুন কৌশল শিকাই থকা হৈছে : মুস্তাক আহমদ

ইংলেণ্ড ভ্ৰমণত বৰ্তমান পাকিস্তানৰ ক্ৰিকেট দল । অহা আগষ্ট-ছেপ্তেম্বৰ মাহত তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব পাকিস্তান দলটো ।

Spinners are being taught new methods to shine ball, says Mushtaq Ahmed
Spinners are being taught new methods to shine ball, says Mushtaq Ahmed

স্পৰ্টছ ডেস্ক, 10 জুলাই: কোভিড-19 ৰ প্ৰাদুৰ্ভাৱৰ পাচত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ইতিমধ্যে ইংলেণ্ডলৈ গৈ বাহৰ পাতিছে পাকিস্তানৰ ক্ৰিকেট দলে । আইচিচিৰ নতুন নিয়ম আৰু পাকিস্তান দলৰ প্ৰস্তুতি সন্দৰ্ভত শুকুৰবাৰে এক মন্তব্য় প্ৰকাশ কৰে, দলটোৰ বলিং প্ৰশিক্ষক মুস্তাক আহমদে । আহমদে কয়, বৰ্তমান সময়ত স্পিনাৰ সকলক বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ কিছু কৌশল শিকাই থকা হৈছে ।

আইচিচি

কোভিড-19 সম্বন্ধীয় প্ৰত্য়াহ্বানৰ পিচতো খেলুৱৈসকল ব্য়তিক্ৰমী হৈ ৰৈছে । আমাৰ চেষ্টা নতুন নীতি-নিয়ম সমূহৰ সৈতে সামঞ্জস্য় ৰখা । সকলোৱে ইয়াৰ প্ৰতি ভালকৈ আচৰণ দেখুৱাইছে । খেলুৱৈ সকলে বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ নতুন নিয়মাৱলী সৈতে বৰ্তমানে সংঘৰ্ষ কৰি আছে বুলি কয় প্ৰশিক্ষকগৰাকীয়ে ।

ইয়াৰ লগতে তেওঁ কয়, তাহানিৰ পৰাই স্পিনাৰ সকলে বলত চালাইভা ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু বৰ্তমানে আইচিচিয়ে ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । কিন্তু এটা কথাই মোক আনন্দিত কৰিছে যে, খেলুৱৈ আৰু সহযোগী বিষয়া কৰ্মীয়ে যৌথভাৱে দলৰ লক্ষ্য আৰু উদ্দেশ্য়ৰ প্ৰতি কাম কৰি আছে ।

পাকিস্তান ক্ৰিকেট দল

মোৰ বিশ্বাস খেলুৱৈসকল সম্পূৰ্ণৰূপে সচেতন হ'ব আৰু নতুন প্ৰত্য়াহ্বানৰ বাবে সাজু থাকিব । কাৰণ আমি এক শক্তিশালী ইংলেণ্ড দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ম । আমাৰ খেলুৱৈসকলে কেৱল যুঁজ দিয়াই নহয় শৃংখলাত জয় লাভ কৰিবলৈও সক্ষম হ'ব বুলি সম্পূৰ্ণ বিশ্বাসী পাকিস্তানৰ বলিং প্ৰশিক্ষকগৰাকী । অহা 5 আগষ্টত প্ৰথমখন টেষ্টত ইংলেণ্ড দলৰ সৈতে মুখামুখি হ'ব পাকিস্তান দলটো ।

ABOUT THE AUTHOR

...view details