স্পৰ্টছ ডেস্ক, 8 অক্টোবৰঃ স্মৃতি মন্দনাৰ অনুৰাগীলৈ আহিছে এক দুখবৰ ৷ আঙুলিৰ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল প্ৰতিভাৱান খেলুৱৈগৰাকী ৷ সোঁ ভৰিৰ আঙুলিত ফ্ৰেক্সাৰৰ হৈছে ভাৰতীয় অপেনাৰ খেলুৱৈ স্মৃতি মন্দনাৰ ৷
এদিনীয়া শৃংখলাৰ পৰা বাহিৰ স্মৃতি মন্দনা
আঙুলিৰ আঘাতৰ বাবে আগন্তুক এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল স্মৃতি মন্দনা ৷ 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত ৷
Smriti Mandhana ruled out from odi series against south africa due to injury
মন্দনাৰ স্থানত 20 বছৰীয়া পূজা ভাস্ত্ৰাকাৰত দলত স্থান দিয়া হৈছে ৷ মন্দনাই বৰ্তমান লৈকে 50 খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অৱতীৰ্ণ হৈছে ৷ গড়ে 42.41 ৰানেৰে মুঠ 1951 ৰান কৰিবলৈ সক্ষম হৈছে মন্দনাই ৷ তেওঁৰ নামত আছে য’ত চাৰিটা শতক আৰু 16 টা অৰ্ধশতক ৷ ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-20 শৃংখলা 3-1 ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷