স্পৰ্টছ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃভাৰত-পাকিস্তানৰ বিশ্বকাপ মেচক লৈ বিতৰ্ক চলি থকা মাজতেই ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া । পাকিস্তানক বিনা প্ৰতিদ্বন্দিতাই দুই পইণ্ট দিয়া কাৰ্যক সমৰ্থন নকৰে শচীনে ।
ভাৰত-পাকিস্তানৰ মেচক লৈ শচীনৰ প্ৰতিক্ৰিয়া
পাকিস্তানৰ বিৰুদ্ধে খেলাৰ সমৰ্থন মাষ্টাৰ ব্লাষ্টাৰৰ
শচীনে টুইটাৰ যোগে প্ৰকাশ কৰিলে, ভাৰতে প্ৰত্য়ক বাৰেই বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি আহিছে । পুনৰ সেই সুযোগ আহি পৰিছে । সেয়ে মেচ নেখেলি পাকিস্তানক দুই পইণ্ট দিয়াটো অসহ্যকৰ বুলি উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে । অৱশ্য়ে শচীনে দেশ প্ৰথম বুলি উল্লেখ কৰি দেশৰ সিদ্ধান্তত পূৰ্ণ সমৰ্থন কৰিব বুলি উল্লেখ কৰে ।
পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাচতেই আগন্তুক বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলা-নেখেলাক লৈ বহু জল্পনা-কল্পনা চলি আছে । ইতিমধ্য়ে বহু খেলুৱৈয়ে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰতিদ্বন্দিতা নকৰাৰ দাবী উত্থাপন কৰিছে ।