অসম

assam

By

Published : Jun 16, 2020, 3:45 PM IST

ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান দলক অনুমোদন প্ৰধানমন্ত্ৰী ইমৰান খানৰ

ক্ৰিকেট সন্দৰ্ভত ইছলামাবাদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে পিচিবিৰ অধ্যক্ষ এহছান মণিৰ বৈঠকৰ পাচতেই ইংলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান ক্ৰিকেট দলক অনুমোদন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ।

Pak's England tour gets go-ahead from Pakistan PM Imran Khan
Pak's England tour gets go-ahead from Pakistan PM Imran Khan

স্পৰ্টছ ডেস্ক, 16 জুনঃ COVID-১৯ ৰ পাচত ইংলেণ্ডৰ গৃহভূমিত হ'বলগীয়া শৃংখলাৰ বাবে অনুমোদন পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ । সোমবাৰে ক্ৰিকেট সন্দৰ্ভত ইছলামাবাদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে পিচিবিৰ অধ্যক্ষ এহছান মণিৰ বৈঠকৰ পাচতেই ইংলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান ক্ৰিকেট দলক অনুমোদন জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ড

পিচিবিৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে মণিক উদ্দেশ্যি কয় পাকিস্তান ক্ৰিকেট দলক টেষ্ট আৰু টি-20 শৃংখলা খেলিবলৈ ইংলেণ্ডলৈ যাব লাগে । কিয়নো কৰ'ণা ভাইৰাছৰ মহামাৰীৰ মাজতো ক্ৰিকেট আৰু অন্যান্য খেলৰ গতিবিধি চাবলৈ ইচ্ছুক জনসাধাৰণ । ইয়াৰ লগতে পিচিবিক ইংলেণ্ড ভ্ৰমণলৈ যোৱা সকলো খেলুৱৈ, বিষয়াকৰ্মীৰ সুৰক্ষা বাবে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ পৰা সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে ।

অহা আগষ্ট আৰু চেপ্তেম্বৰ মাহত তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অৱতীৰ্ণ হ'ব পাকিস্তান দলটো । ইতিমধ্যে 29 গৰাকী খেলুৱৈ আৰু 14 গৰাকী বিষয়া কৰ্মীৰ দল ঘোষণা কৰিছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ।

লগতে চাওকঃ ভাৰত-চীনা সৈন্যৰ সংঘৰ্ষ : গলৱান উপত্যকাত নিহত তিনি ভাৰতীয় সেনা

ABOUT THE AUTHOR

...view details